গুৱাহাটী, ১৭ নৱেম্বৰ: ২০১৮ চনৰ এটা উৎকোচ গ্ৰহণৰ গোচৰত প্ৰাক্তন আৰক্ষী হাবিলদাৰ হানিফ আলীক দোষমুক্ত ঘোষণা কৰিছে গুৱাহাটীৰ বিশেষ আদালতে।

অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই তেওঁৰ বিৰুদ্ধে উত্থাপিত ধন দাবীৰ অভিযোগ আদালতত প্ৰমাণ কৰাত ব্যৰ্থ হোৱাৰ পাছতে বিশেষ ন্যায়াধীশৰ আদালতে এই ৰায় দিয়ে।

প্ৰাপ্ত তথ্য অনুসৰি, ২০১৮ চনৰ ১৫ মে'ত ৬,০০০ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই হানিফ আলীক গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত তেওঁ গুৱাহাটীৰ ওদালবাক্ৰা আৰক্ষী থানাত হাবিলদাৰ হিচাপে কৰ্মৰত আছিল।

আৰক্ষী বিভাগৰ দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাপেই তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

কিন্তু গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ সময়ত হানিফ আলীয়ে সংশ্লিষ্ট ব্যক্তিজনৰ পৰা ধন দাবী কৰিছিল বুলি প্ৰমাণ কৰিবলৈ সক্ষম নহ'ল গোচৰ চলোৱা পক্ষ। কেৱল ধন গ্ৰহণৰ অভিযোগ উত্থাপন কৰিলেও ধন দাবীৰ অভিযোগৰ সমৰ্থনত পৰ্যাপ্ত প্ৰমাণ দাখিল কৰিব নোৱাৰিলে দুৰ্নীতি নিবাৰক শাখাই।

অভিযোগ প্ৰমাণিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত বিশেষ ন্যায়াধীশৰ আদালতে তেওঁক দোষমুক্ত ঘোষণা কৰে।