জাৱৰৰ দ’মত বহু ভোটাৰ পৰিচয়-পত্ৰ পেলাই থোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই ব্যাপক উদ্বেগৰ সৃষ্টি কৰিছে। কাৰ্ডসমূহ কাৰ নামত আছিল, কোনে সেইবোৰ জাৱৰৰ দ’মত পেলাই থৈ গ’ল আৰু ইয়াৰ উৎস কি—সেই সন্দৰ্ভত এতিয়াও কোনো স্পষ্ট তথ্য জানিব পৰা হোৱা নাই।
কোনো চৰকাৰী কাৰ্যালয় বা নিৰ্বাচনী ব্যৱস্থাপনাৰ পৰা কাৰ্ডসমূহ আহিছিল নেকি, নে ইয়াৰ আঁৰত কোনো দুষ্ট চক্ৰ জড়িত হৈ আছে, সেই বিষয়েও প্ৰশ্ন উত্থাপিত হৈছে।
স্থানীয় ৰাইজে ঘটনাটোৰ নিৰপেক্ষ আৰু পূৰ্ণাংগ তদন্তৰ দাবী জনাইছে। ভোটাৰ পৰিচয়-পত্ৰ নাগৰিকৰ এক গুৰুত্বপূৰ্ণ পৰিচয়-পত্ৰ হোৱাৰ লগতে নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতেও জড়িত বুলি উল্লেখ কৰি সচেতন মহলে ৰাজহুৱা স্থানত এনেদৰে বহু ভোটাৰ পৰিচয়-পত্ৰ উদ্ধাৰ হোৱা ঘটনাক সহজভাৱে ল’ব নোৱাৰি বুলি মত প্ৰকাশ কৰিছে।
ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ প্ৰশাসনে শীঘ্ৰে তদন্ত সম্পূৰ্ণ কৰি তথ্য ৰাজহুৱা কৰা উচিত বুলি স্থানীয় ৰাইজে দাবী জনাইছে। অৱশ্যে, ভোটাৰ পৰিচয়-পত্ৰসমূহৰ উৎস বা সেইবোৰ পেলাই দিয়াৰ আঁৰৰ কাৰণ সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্তত উপনীত হোৱা হোৱা নাই। আৰক্ষী আৰু প্ৰশাসনৰ তদন্তৰ পাছতহে সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।