ওদালগুৰি, : চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনন্দিন কৰ্মজীৱন আৰু কষ্টৰ অভিজ্ঞতা ওচৰৰ পৰা উপলব্ধি কৰাৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ ঔৰংগাজুলী চাহ বাগিচাৰ মুখ্য পৰিচালক দালজিৎ সিং মানে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। পুৱা ৮ বজাৰ পৰা শ্ৰমিকসকলৰ সৈতে একেলগে পাত ছিঙাৰ কামত অংশগ্ৰহণ কৰি তেওঁ দিনটোৰ কৰ্মব্যস্ততা অনুভৱ কৰে।

কেৱল পাত ছিঙাৰ কামতেই সীমাবদ্ধ নাথাকি পৰিচালকগৰাকীয়ে শ্ৰমিকসকলৰ সৈতে পাত ওজন কৰা প্ৰক্ৰিয়াতো অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি শ্ৰমিকসকলৰ সৈতে একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি তেওঁলোকৰ দৈনন্দিন জীৱন আৰু কৰ্মক্ষেত্ৰৰ অভিজ্ঞতাৰ সৈতে নিজকে একাত্ম কৰাৰ চেষ্টা কৰে।

এই অভিজ্ঞতাৰ বিষয়ে মন্তব্য কৰি দালজিৎ সিং মানে শ্ৰমিকসকলৰ সৈতে একেলগে কাম কৰি আনন্দ লাভ কৰাৰ কথা প্ৰকাশ কৰে। লগতে চাহপাত ছিঙাৰ কাম যে যথেষ্ট পৰিশ্ৰমসাধ্য, সেয়া নিজে কামত অংশগ্ৰহণ কৰাৰ পাছত অনুভৱ কৰিব পাৰি বুলিও তেওঁ উল্লেখ কৰে।

মুখ্য পৰিচালকগৰাকীৰ এই পদক্ষেপক শ্ৰমিকসকলেও আদৰণি জনাই সন্তুষ্টি প্ৰকাশ কৰে। পৰিচালক আৰু শ্ৰমিকৰ মাজত দূৰত্ব হ্ৰাস কৰি শ্ৰমিকসকলৰ পৰিশ্ৰম, সমস্যা আৰু দৈনন্দিন কৰ্মজীৱনক প্ৰত্যক্ষভাৱে বুজিবলৈ গ্ৰহণ কৰা এই প্ৰয়াসে বিশেষ তাৎপৰ্য বহন কৰিছে।