ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা পথ দুৰ্ঘটনা ৰোধ আৰু যাতায়াত ব্যৱস্থা নিৰাপদ কৰি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিবহণ বিভাগলৈ কেইবাটাও গুৰুত্বপূৰ্ণ তথা কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ লগে লগে জাগুনৰ লগতে সমগ্ৰ ৰাজ্যতে যান-বাহন চেকিং আৰু অভিযান তীব্ৰতৰ হৈ পৰিছে।

এই নিৰ্দেশৰ ফলস্বৰূপে নিয়ম নামানি বাহন চলোৱা বহু যান-বাহন জাগুনত আজি জব্দ কৰা হৈছে।

মুখ্যমন্ত্ৰীৰ এই নতুন নিৰ্দেশসমূহৰ ভিতৰত প্ৰতিখন জিলাতে পথ সুৰক্ষা আৰু যান-বাহন নিয়ন্ত্ৰণৰ বাবে বিশেষ টাস্ক ফ’ৰ্চ গঠন, হেলমেট অবিহনে বাইক চলোৱা চালক তথা আইন উলংনাকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা, আৰু বাণিজ্যিক বাহন যেনে- ট্ৰেভেলাৰ, বাছ আৰু ই-ৰিক্সাৰ গতিসীমা তথা অভাৰলোডিং ৰোধৰ বাবে কটকটীয়া অভিযান অন্যতম।

ইয়াৰোপৰি, ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ ত্ৰুটিসমূহ দ্ৰুতগতিত মেৰামতি কৰাৰ বাবে NHAI ক সময়সীমা বান্ধি দিয়া হৈছে, পথৰ কাষৰ ধাবা বা হোটেলৰ কৰ্মীসকলক জৰুৰীকালীন প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে, আৰু পৰিবহণ বিভাগৰ কাৰ্যপদ্ধতি শৃংখলাবদ্ধ কৰিবলৈ নতুন SOP প্ৰৱৰ্তনৰ ঘোষণা কৰা হৈছে।

এই কঠোৰ পদক্ষেপসমূহে সাধাৰণ জনতাৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে পথ দুৰ্ঘটনা হ্ৰাস কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।