নতুন দিল্লী, ১৭ নৱেম্বৰ: ২০০২ চনৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত বিলকিছ বানুক গণধৰ্ষণ আৰু তেওঁৰ পৰিয়ালৰ সাতগৰাকী সদস্যক হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা দুজন লোকক জামিন প্ৰদানৰ সিদ্ধান্তক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। উচ্চতম ন্যায়ালয়ে দুই দোষীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি স্থগিত ৰাখি জামিন প্ৰদান কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিলকিছ বানুৱে। তেওঁ অভিযোগ কৰিছে যে তেওঁৰ মতামত নোলোৱাকৈ আৰু তেওঁক শুনানিৰ সুযোগ নিদিয়াকৈয়ে আদালতে এই নিৰ্দেশ প্ৰদান কৰিছে। লগতে নিৰ্দেশটোক আইনীভাৱে প্ৰত্যাহ্বান জনোৱাৰো ঘোষণা কৰিছে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এম এম সুন্দ্ৰেশ আৰু ন্যায়াধীশ প্ৰসন্ন বি বাৰে’লৰ বিচাৰপীঠে ২৮ অক্টোবৰত বিপিনচন্দ্ৰ কানাইয়ালাল যোশী আৰু প্ৰদীপ ৰামনলাল মোধিয়াৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি স্থগিত ৰাখি জামিন প্ৰদান কৰিছিল। দুয়োজনে ১৭ বছৰতকৈ অধিক সময় কাৰাগাৰত কটোৱাৰ লগতে তেওঁলোকৰ ভিতৰত এজন গুৰুতৰ শাৰীৰিক অক্ষমতাৰ সন্মুখীন হোৱা বিষয়টো আদালতে বিবেচনা কৰিছিল। গোচৰটোৰ আপীলত তথ্য আৰু আইনৰ কেইবাটাও দিশ পৰীক্ষা কৰাৰ অৱকাশ থকাৰ কথাও বিচাৰপীঠে উল্লেখ কৰিছিল। সংশ্লিষ্ট বিচাৰ আদালতে নিৰ্ধাৰণ কৰা চৰ্ত অনুসৰি তেওঁলোকক জামিনত মুক্তি দিয়াৰ নিৰ্দেশ দিয়া হয়।

আদালতৰ এই নিৰ্দেশৰ পাছতে ১৬ নৱেম্বৰত অধিবক্তা শোভা গুপ্তাৰ জৰিয়তে এক বিবৃতি প্ৰকাশ কৰি বিলকিছ বানুৱে কয় যে তেওঁ সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ জৰিয়তেহে জামিনৰ সিদ্ধান্তৰ বিষয়ে জানিব পাৰিছে। তেওঁৰ মতে, যিসকল লোকে তেওঁৰ জীৱন আৰু পৰিয়াল ধ্বংস কৰিছিল, তেওঁলোকৰ শাস্তি স্থগিত ৰখাৰ পূৰ্বে তেওঁৰ বক্তব্য শুনাৰ সুযোগ দিব লাগিছিল।

বিলকিছ বানুৱে কয় যে ২০০২ চনৰ ঘটনাৰ সময়ত তেওঁ অতি কম বয়সীয়া আছিল। সেই ঘটনাত তেওঁৰ কন্যা, পৰিয়াল, ঘৰ আৰু মানৱতাৰ প্ৰতি থকা বিশ্বাস হেৰুৱাইছিল। বিগত ২৪ বছৰ ধৰি ন্যায়ৰ বাবে তেওঁ আইনী যুঁজ অব্যাহত ৰাখিছে। শেহতীয়া নিৰ্দেশৰ পাছত নিজৰ লগতে পৰিয়াল আৰু সন্তানৰ সুৰক্ষাক লৈ পুনৰ ভয় আৰু অনিশ্চয়তাৰ সৃষ্টি হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ স্পষ্টকৈ কয়, “মই এই নিৰ্দেশৰ বিৰুদ্ধে যুঁজ দিম।”

উল্লেখযোগ্য যে ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ সময়ত পাঁচ মাহৰ গৰ্ভৱতী বিলকিছ বানুক গণধৰ্ষণ কৰাৰ লগতে তেওঁৰ তিনিবছৰীয়া কন্যাসহ পৰিয়ালৰ সাতগৰাকী সদস্যক হত্যা কৰা হৈছিল। ২০০৮ চনত মুম্বাইৰ বিশেষ চি বি আই আদালতে এই গোচৰত ১১জন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

২০২২ চনত গুজৰাট চৰকাৰে ১১জন দোষীক আগতীয়াকৈ মুক্তি দিছিল। কিন্তু ২০২৪ চনৰ ৮ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে সেই ৰেহাইৰ নিৰ্দেশ বাতিল কৰি তেওঁলোকক পুনৰ কাৰাগাৰলৈ উভতি যাবলৈ নিৰ্দেশ দিছিল। শেহতীয়া নিৰ্দেশে সেই ১১জন দোষীৰ ভিতৰত দুজনৰ শাস্তি স্থগিত ৰাখিছে যদিও তেওঁলোকৰ পূৰ্বৰ দোষী সাব্যস্ত হোৱাৰ ৰায় বাতিল কৰা নাই।

এতিয়া উচ্চতম ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশৰ বিৰুদ্ধে বিলকিছ বানুৱে কি আইনী পদক্ষেপ গ্ৰহণ কৰে, তাৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছে সকলোৰে।