প্ৰয়াগৰাজ, ১৭ নৱেম্বৰ: সমাজবাদী পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী আজম খানক জৌহৰ ট্ৰাষ্টৰ সৈতে জড়িত প্ৰায় ৪২৬ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে।
ইডিয়ে গ্ৰেপ্তাৰ কৰা আজম খানৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ ৰাজীৱ গুপ্তা আৰু ন্যায়াধীশ দেৱেন্দ্ৰ সিঙৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে।
আদালতে প্ৰাথমিক পৰ্যায়ত পৰ্যবেক্ষণ কৰে যে, ৩১ অক্টোবৰত আজম খানক গ্ৰেপ্তাৰ কৰাৰ সময়ত ইডিয়ে সংবিধানৰ ২২(১) অনুচ্ছেদত উল্লেখ কৰা প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে পালন কৰা নাছিল। এই অনুচ্ছেদ অনুসৰি গ্ৰেপ্তাৰ হোৱা ব্যক্তিক গ্ৰেপ্তাৰৰ কাৰণ জনোৱাৰ সাংবিধানিক অধিকাৰ আছে।
আজম খানৰ পক্ষই এই সাংবিধানিক অধিকাৰ উলংঘা হোৱাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁৰ হৈ সৰ্বোচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বালে আদালতত যুক্তি দাঙি ধৰে। ইডিৰ পক্ষইও আদালতত নিজৰ বক্তব্য দাখিল কৰে।
৩১ অক্টোবৰত আন এটা গোচৰত ৰামপুৰ জে’লৰ পৰা জামিনত মুক্তি লাভ কৰাৰ কিছু সময় পাছতে ইডিয়ে আজম খানক পুনৰ গ্ৰেপ্তাৰ কৰিছিল। জৌহৰ ট্ৰাষ্ট আৰু ইয়াৰ সৈতে জড়িত বিত্তীয় লেনদেনৰ তদন্তৰ অংশ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। গ্ৰেপ্তাৰৰ পাছত তেওঁ ইডিৰ জিম্মাত আছিল আৰু পৰৱৰ্তী সময়ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
ইডিৰ গ্ৰেপ্তাৰ আৰু ন্যায়িক জিম্মাৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই আজম খান সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। সৰ্বোচ্চ ন্যায়ালয়ে পোনপটীয়াকৈ হস্তক্ষেপ নকৰি গোচৰটো শুনানিৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰিছিল আৰু শুনানিৰ পাছত অন্তৱৰ্তীকালীন নিৰ্দেশ দিয়াৰ বাবে উচ্চ ন্যায়ালয়ক অনুৰোধ জনাইছিল।
অন্তৱৰ্তীকালীন জামিনৰ পাছতো জৌহৰ ট্ৰাষ্ট-সংক্ৰান্তীয় ধন সৰবৰাহৰ গোচৰৰ তদন্ত আৰু আইনী প্ৰক্ৰিয়া অব্যাহত থাকিব। গোচৰটোৰ পৰৱৰ্তী শুনানি ১০ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ কথা।