১৭ নৱেম্বৰ ,২০২৬ :
আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে উমৈহতীয়া দেৱানী বিধি বা ইউচিচিৰ বিৰোধিতা কৰি কয় যে, এই বিধি বলৱৎ হ’লে দেশৰ বিভিন্ন ধৰ্ম-সম্প্ৰদায়ৰ নিজা ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা আৰু সাংবিধানিক অধিকাৰ ক্ষতিগ্ৰস্ত হ’ব।
মুম্বাইত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে কয়, ভাৰতত হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, জৈন আৰু আদিবাসীসকলৰ পৃথক পৃথক ধৰ্মীয় বিশ্বাস আৰু সামাজিক পৰম্পৰা আছে। বিবাহৰ ক্ষেত্ৰতো বিভিন্ন সম্প্ৰদায়ৰ নিজস্ব ৰীতি-নীতি প্ৰচলিত হৈ আহিছে।
সঞ্জয় সিঙৰ মতে, ভাৰতত হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, জৈন আৰু আদিবাসীসকলৰ নিজা নিজা ধৰ্মীয় বিশ্বাস, বিবাহৰ ৰীতি-নীতি আৰু সামাজিক পৰম্পৰা আছে। UCC বলৱৎ হ’লে এই পৰম্পৰাসমূহৰ ওপৰত প্ৰভাৱ পৰিব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰে।
ড০ বি আৰ আম্বেদকাৰৰ নেতৃত্বত প্ৰণীত সংবিধানে প্ৰতিগৰাকী নাগৰিকক নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ প্ৰদান কৰিছে বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে।
সকলোৰে ওপৰত একেধৰণৰ আইন জাপি দিলে দেশৰ এই বৈচিত্ৰ্য আৰু ধৰ্মীয় স্বাধীনতাৰ ওপৰত প্ৰভাৱ পৰিব বুলি তেওঁ মন্তব্য কৰে। ড° বি আৰ আম্বেদকাৰৰ নেতৃত্বত প্ৰণীত সংবিধানে প্ৰতিগৰাকী নাগৰিকক নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ প্ৰদান কৰিছে বুলিও সিঙে উল্লেখ কৰে।
HUFৰ আয়কৰ ৰেহাই বন্ধ হোৱাৰ দাবী: সঞ্জয় সিঙে তেওঁৰ বক্তব্যত হিন্দু অবিভক্ত পৰিয়াল (HUF)ৰ আয়কৰৰ বিশেষ সুবিধাৰ বিষয়টোও উত্থাপন কৰিছে। তেওঁৰ দাবী অনুসৰি, UCC কাৰ্যকৰী হ’লে হিন্দু সমাজে HUFৰ জৰিয়তে লাভ কৰা আয়কৰৰ বিশেষ ৰেহাইৰ সুবিধা বন্ধ হ’ব পাৰে।উল্লেখ্য যে, HUFৰ কৰ-সুবিধাৰ ওপৰত UCCৰ সম্ভাৱ্য প্ৰভাৱ সন্দৰ্ভত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ২০২৩ চনত সংসদত জনাইছিল যে তেতিয়ালৈকে চৰকাৰে এই বিষয়ত কোনো মূল্যায়ন কৰা নাছিল।
ইউচিচি কাৰ্যকৰী হ’লে হিন্দু অবিভক্ত পৰিয়ালৰ নামত লাভ কৰা আয়কৰৰ বিশেষ সুবিধাৰ বিষয়টোও প্ৰভাৱিত হ’ব পাৰে বুলি তেওঁ কয়। ‘এক দেশ, এক আইন’ৰ নামত বিজেপি চৰকাৰে দলিত, পিছপৰা শ্ৰেণী আৰু আদিবাসীসকলৰ সংৰক্ষণ ব্যৱস্থাৰ ওপৰতো আঘাত হানিব বিচাৰিছে বুলিও সাংসদগৰাকীয়ে অভিযোগ কৰে।
ইউচিচিৰ বিৰোধিতাত সকলো ধৰ্মৰ লোকক একত্ৰিত হ’বলৈ আহ্বান জনাই সিঙে কয় যে, ভাৰতৰ ধৰ্মীয় আৰু সাংস্কৃতিক বৈচিত্ৰ্য সুৰক্ষিত ৰখাৰ বাবে সকলো সম্প্ৰদায়ে এই বিষয়ত নিজৰ স্থিতি স্পষ্ট কৰা উচিত।
ভাৰতীয় সংবিধানৰ ৪৪ নং অনুচ্ছেদত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনৰ বাবে ৰাষ্ট্ৰই প্ৰচেষ্টা চলাব লাগে বুলি উল্লেখ আছে। এই অনুচ্ছেদ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ অন্তৰ্গত।
অসম বিধানসভাই ২০২৬ চনৰ ২৭ মে’ত ‘উমৈহতীয়া দেৱানী বিধি, অসম, ২০২৬’ বিধেয়কখন গৃহীত কৰিছিল। ২৯ ছেপ্টেম্বৰত বিধেয়কখনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰে। আইনখন কাৰ্যকৰী কৰাৰ বাবে বিধি প্ৰস্তুতৰ কাম চলি আছে আৰু ৩০ অক্টোবৰত ৰাজ্য চৰকাৰে এই কামৰ বাবে আঠজনীয়া সমিতি গঠন কৰিছে। অনুসূচিত জনজাতিৰ লোকসকলক আইনখনৰ আওতাৰ পৰা ৰেহাই দিয়াৰ ব্যৱস্থা ৰখা হৈছে।