অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) পুনৰীক্ষণ আৰু ভোটাৰ তালিকাৰ বিশেষ সংশোধন (Special Intensive Revision – SIR)ৰ দাবী উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই (AASU)। এই দুয়োটা প্ৰক্ৰিয়া সমান্তৰালভাৱে আগবঢ়াই নিয়াৰ পোষকতা কৰিছে সংগঠনটোৱে। এনআৰচি পুনৰীক্ষণৰ দাবীত আছুৱে দাখিল কৰা আবেদন শুনানিৰ বাবে গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। লগতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰলৈ জাননী জাৰি কৰি উত্তৰ বিচাৰিছে আদালতে।
নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত এই দাবী উত্থাপন কৰে আছুৰ মুখ্য উপদেষ্টা তথা ছাত্ৰ নেতা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ তদাৰকত এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল যদিও ইয়াৰ চূড়ান্ত ফলাফলক লৈ আছু সন্তুষ্ট নহয়।
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মতে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা সম্পূৰ্ণৰূপে কাৰ্যকৰী নোহোৱাৰ বাবেই আশানুৰূপ ফলাফল লাভ কৰা নগ'ল। ২০১৯ চনৰ চূড়ান্ত এনআৰচিৰ পৰা ১৯ লাখ লোকৰ নাম বাদ পৰাৰ কথা উল্লেখ কৰি তেওঁ পুনৰীক্ষণৰ প্ৰয়োজনীয়তা দোহাৰে।
তেওঁ কয় যে অসম চুক্তিৰ আধাৰত অসমৰ এনআৰচি পুনৰীক্ষণ হ'ব লাগে। একে সময়তে ভোটাৰ তালিকাৰো বিশেষ সংশোধন (SIR)ৰ জৰিয়তে সংশোধন কৰিব লাগে। আছুৰ মতে, এনআৰচি পুনৰীক্ষণ আৰু ভোটাৰ তালিকাৰ বিশেষ সংশোধন—এই দুয়োটা প্ৰক্ৰিয়া সমান্তৰালভাৱে আগবঢ়াই নিয়াটো প্ৰয়োজনীয়।
ভোটাৰ তালিকা সংশোধনৰ প্ৰসংগত অসম আন্দোলনৰ ইতিহাস উল্লেখ কৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে মঙলদৈ উপ-নিৰ্বাচনৰ সময়ত ভোটাৰ তালিকাত বিদেশীৰ নাম অন্তৰ্ভুক্তিৰ অভিযোগেই অসম আন্দোলনৰ অন্যতম মূল কাৰণ আছিল। ১৯৮৩ চনৰ নিৰ্বাচনৰ প্ৰসংগও উত্থাপন কৰি তেওঁ ভোটাৰ তালিকা শুদ্ধ কৰাৰ দাবী পুনৰ দোহাৰে।
আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে স্পষ্ট কৰে যে অসম চুক্তিৰ আধাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু উচ্চতম ন্যায়ালয়ৰ তদাৰকত এনআৰচিৰ পুনৰীক্ষণ—এই দুয়োটা দাবী সংগঠনটোৱে সমান্তৰালভাৱে আগবঢ়াই নিব। এই লক্ষ্যত উপনীত নোহোৱালৈকে আছুৱে নিজৰ দাবী অব্যাহত ৰাখিব বুলিও তেওঁ কয়।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে আছুৰ আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰি কেন্দ্ৰীয় আৰু অসম চৰকাৰলৈ জাননী জাৰি কৰিছে। অৱশ্যে আবেদনখনৰ মূল দাবীসমূহৰ ওপৰত আদালতৰ চূড়ান্ত সিদ্ধান্ত এতিয়াও অহা নাই।