২০২৬-২৭ ডিপি ৱৰ্ল্ড পিজিটিআই ২৬ সংখ্যক ইণ্ডিয়ান অইল চাৰ্ভো মাষ্টাৰছ গলফ প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত ৭ আণ্ডাৰ ৬৫ কাৰ্ডিং কৰি দুটা শ্বটৰ অগ্ৰগতি লাভ কৰিছে গুৰুগ্ৰামৰ সৌৰভ ৰাথীয়ে। সৌৰভ ৰাথীয়ে প্ৰথম ৰাউণ্ডত ৮টা বাৰ্ডি কৰি নিজৰ অন্তিম হোল পাৰ-৪ ১৮ত দিনটোৰ একমাত্ৰ ব’গী কৰে। ১২০ গৰাকী খেলুৱৈৰ ভিতৰত মাত্ৰ ২৯ গৰাকীয়েহে প্ৰত্যাহ্বানমূলক পথত সমতুল্যভাৱে গ’ল দিবলৈ সক্ষম হয়।দিল্লীৰ অংশুল কবঠিয়াল আৰু প্ৰবীণ ওম প্ৰকাশ চৌহানে স্ক’ৰ ৫ আণ্ডাৰ ৬৭ৰে দ্বিতীয় স্থানত সমতা স্থাপন কৰে। ২০১৯ চনৰ পৰা নিয়মীয়াকৈ ডিপি ৱৰ্ল্ড পিজিটিআইত খেলি অহা ৰাথীয়ে শেহতীয়াকৈ আহমেদাবাদত অনুষ্ঠিত ডিপি ৱৰ্ল্ড পিজিটিআই কোৱালিফাইং টুৰ্ণামেণ্টৰ অন্তিম পৰ্যায়ত ১৭ নম্বৰ স্থান দখলেৰে সম্পূৰ্ণ খেলৰ অধিকাৰ অৰ্জন কৰিবলৈ সক্ষম হয়। এক কোটি টকাৰ প্ৰাইজমানিৰ সমাহাৰেৰে অনুষ্ঠিত গলফ্ টুৰ্নামেন্টখনত দেশ বিদেশৰ সৰ্বমুঠ ১২০ গৰাকী গলফা্ ৰে অংশগ্ৰহণ কৰিছে।