আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC)ৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হৈছে জয় শ্বাহ। সোমবাৰে ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত আইচিচিৰ ব’ৰ্ডৰ বৈঠকত তেওঁক দ্বিতীয়টো কাৰ্যকালৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে পুনৰ নিযুক্তি দিয়া হয়। আইচিচিৰ পৰিচালকসকলৰ প্ৰস্তাৱৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
২০২৪ চনৰ ডিচেম্বৰ মাহত আইচিচিৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল জয় শ্বাহে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (BCCI) সচিব হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁৰ পুনৰ নিযুক্তিক বিশ্ব ক্ৰিকেটৰ প্ৰশাসনত নেতৃত্বৰ ধাৰাবাহিকতা ৰক্ষাৰ পদক্ষেপ হিচাপে ব্যাখ্যা কৰিছে আইচিচিয়ে।
পুনৰ দায়িত্ব লাভ কৰাৰ পাছত জয় শ্বাহে আইচিচিৰ ব’ৰ্ডৰ সদস্যসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে ক্ৰিকেটৰ বিশ্বজোৰা সম্প্ৰসাৰণ, নতুন দৰ্শকৰ মাজত খেলবিধৰ জনপ্ৰিয়তা বৃদ্ধি আৰু খেলবিধৰ বহনক্ষম ভৱিষ্যৎ গঢ়ি তোলাই হ’ব আগন্তুক সময়ৰ অন্যতম লক্ষ্য।
২০২৮ৰ অলিম্পিকক লৈ বিশেষ প্ৰস্তুতি
জয় শ্বাহৰ দ্বিতীয়টো কাৰ্যকালৰ সময়ছোৱাত ক্ৰিকেটৰ বাবে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সময় আহিব। ২০২৮ চনত লছ এঞ্জেলছ অলিম্পিকৰ জৰিয়তে ১২৮ বছৰৰ বিৰতিৰ পাছত পুনৰ অলিম্পিকলৈ উভতি আহিব ক্ৰিকেট। এই সুযোগৰ জৰিয়তে নতুন দৰ্শকৰ মাজত খেলবিধৰ পৰিচিতি বৃদ্ধি কৰাৰ লক্ষ্য লৈছে আইচিচিয়ে।
ইয়াৰ উপৰি মহিলা ক্ৰিকেটৰ বিকাশ, সহযোগী সদস্য দেশসমূহৰ বাবে অধিক সুযোগ সৃষ্টি, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ভেটি শক্তিশালী কৰা আৰু খেলবিধৰ স্বচ্ছতা তথা বিশ্বাসযোগ্যতা ৰক্ষা কৰাকো আইচিচিয়ে আগন্তুক সময়ৰ গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ হিচাপে উল্লেখ কৰিছে।
জয় শ্বাহৰ পুনৰ নিযুক্তিক ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ ৰিচাৰ্ড থম্পছন, আইচিচিৰ উপাধ্যক্ষ তাভেংগৱা মুখুলানী আৰু আন সদস্য প্ৰতিনিধিসকলেও আদৰণি জনাইছে।