কাজিৰঙা, ১৭ নৱেম্বৰ: কাজিৰঙাৰ দুৰ্গাপুৰ অঞ্চলত চলন্ত বাহনৰ ভিতৰত ছাৰ্ভিচ ৰিভলভাৰৰ পৰা আকস্মিকভাৱে গুলী ওলাই গুৰুতৰভাৱে আহত হৈছে বোকাখাত ট্ৰেফিক শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীণ কলিতা।

সতীৰ্থ আৰক্ষীক লগত লৈ বাহনখনত যাত্ৰা কৰি থকা সময়তে এই ঘটনা সংঘটিত হয়। বাহনখনত থকা আৰক্ষী জয়ন্ত বুঢ়াগোহাঁয়ে প্ৰবীণ কলিতাৰ ছাৰ্ভিচ ৰিভলভাৰটো আনলক কৰিবলৈ লওঁতেই অসাৱধানবশতঃ গুলী চলি যায় বুলি জানিব পৰা গৈছে।

গুলীটো প্ৰবীণ কলিতাৰ বাওঁহাতত লাগে আৰু বাহনখনৰ সন্মুখৰ গ্লাছ ভেদ কৰি বাহিৰলৈ ওলাই যায়। ঘটনাৰ পাছতে তেওঁক ততাতৈয়াকৈ কাজিৰঙাৰ কঁহৰাস্থিত শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসকে জনোৱা অনুসৰি, গুলীটো তেওঁৰ বাওঁহাতৰ তলুৱাৰ অংশত লাগিছিল। প্ৰাথমিক চিকিৎসাৰ পাছত তেওঁৰ ৰক্তক্ষৰণ বন্ধ হৈছে আৰু স্বাস্থ্যৰ অৱস্থা সুস্থিৰ।

উন্নত চিকিৎসা আৰু প্ৰয়োজনীয় অস্ত্ৰোপচাৰৰ বাবে প্ৰবীণ কলিতাক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু দায়িত্ব নিৰ্ধাৰণ সন্দৰ্ভত আৰক্ষীৰ আনুষ্ঠানিক বক্তব্যৰ অপেক্ষা কৰা হৈছে।