গুৱাহাটী, ১৮ নৱেম্বৰ:
দিছপুৰ আৰক্ষীয়ে গণেশগুৰি উৰণ সেতু তলৰ পৰা আটক কৰিলে মাৰ্চেল বৰুৱাক, দিছপুৰ আৰক্ষীয়ে চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাক কৰিলে আটক।
গণেশগুৰি উৰণ সেতুৰ তলত জুবিন গাৰ্গৰ অসম্পূৰ্ণ প্ৰতিচ্ছবি সম্পূৰ্ণ কৰিবলৈ যাওঁতে চিত্ৰশিল্পী মাৰ্চেল বৰুৱাক দিছপুৰ আৰক্ষীয়ে আটক কৰিছে বুলি অভিযোগ উঠিছে। ছবি অংকনৰ কামত সহযোগিতা কৰিবলৈ যোৱা চালকজন আৰু তিনিজন শ্ৰমিককো আটক কৰি দিছপুৰ থানালৈ লৈ যোৱা হৈছে বুলি জনা গৈছে।
গণেশগুৰি উৰণ সেতুৰ খুঁটাৰ তলত দেৱাল অংকনৰ ওপৰত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰি থকাৰ বাবেই আৰক্ষীয়ে এই পদক্ষেপ লয় বুলি জনা গৈছে। বৰুৱাই তাত থকা জুবিন গাৰ্গৰ পূৰ্বৰ অসম্পূৰ্ণ প্ৰতিচ্ছবিখন সম্পূৰ্ণ কৰিবলৈ গৈছিল।
“কেনেধৰণৰ শাসন চলিছে অসমত? শান্তিৰে এখন ছবি আঁকিব নোৱাৰি নেকি? জুবিনদাৰ ছবিখনে কি ক্ষতি কৰিব?” বুলি বৰুৱাই প্ৰশ্ন কৰে।
চিত্ৰশিল্পীগৰাকীৰ অভিযোগ অনুসৰি, ছবি অংকনৰ বাবে জখলা আনিবলৈ যোৱা চালকজন আৰু তিনিজন শ্ৰমিককো আৰক্ষীয়ে আটক কৰে। বাঁহ আৰু অন্যান্য সা-সামগ্ৰী কঢ়িয়াই অনা বাহনখনো জব্দ কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে।
পূৰ্বেও ছবি অংকনৰ সময়ত আৰক্ষীয়ে তেওঁক প্ৰায় তিনি ঘণ্টা আঁতৰাই ৰাখিছিল বুলি বৰুৱাই দাবী কৰে। সেই সময়ত সা-সঁজুলি সংগ্ৰহ কৰাত অসুবিধাৰ সৃষ্টি হৈছিল বুলিও তেওঁ জনায়।
বৰুৱাৰ মতে, এই বিষয়ত তেওঁ প্ৰশাসনক আগতীয়াকৈ অৱগত কৰিছিল। যোৱা ১৬ নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন মুকলি চিঠি লিখি প্ৰতিচ্ছবিখন সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহযোগিতা বিচাৰিছিল বুলিও তেওঁ কয়।
১৮ নৱেম্বৰৰ পুৱা প্ৰায় ১০ বজাৰ পৰা ছবি অংকনৰ কাম আৰম্ভ কৰিবলৈ যাওঁতেই তেওঁলোকক আটক কৰা হয় বুলি অভিযোগ উঠিছে। ছবি অংকনৰ বাবে চাং বান্ধিবলৈ অনা বাঁহ আৰু আন সা-সামগ্ৰী ভৰ্তি বাহনখনো দিছপুৰ থানাত জব্দ কৰি ৰখা হৈছে।এতিয়ালৈকে বৰুৱা অথবা তেওঁৰ সহযোগীসকলক মুকলি কৰি দিয়াৰ কোনো আনুষ্ঠানিক তথ্য উপলব্ধ হোৱা নাই। অনুসৰি, মাৰ্চেল বৰুৱা আৰু তেওঁৰ সহযোগীসকলক এতিয়াও দিছপুৰ আৰক্ষী থানাত ৰখা হৈছে। আৰক্ষীয়ে কোনো আগতীয়া কাৰণ নেদেখুৱাকৈয়ে তেওঁলোকক গাড়ীত উঠাই থানালৈ লৈ যোৱা বুলি অভিযোগ উঠিছে।আটক কৰাৰ কাৰণ সন্দৰ্ভত আৰক্ষীৰ কোনো আনুষ্ঠানিক বক্তব্যও প্ৰকাশ পোৱা নাই।