হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত হিন্দী শিক্ষক মহম্মদ নুৰুল ইছলাম চৌধুৰীৰ পৰলোকপ্ৰাপ্তি ঘটিছে। যোৱা ১৭ নৱেম্বৰৰ নিশা ১১.৩০ বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

দীৰ্ঘদিন ধৰি হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিষ্ঠা আৰু সততাৰে শিক্ষকতা কৰা মহম্মদ নুৰুল ইছলাম চৌধুৰীয়ে ২০০৯ চনৰ ১ নৱেম্বৰত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। বিদ্যালয়খনৰ শৈক্ষিক ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়োৱা অৱদান সহকৰ্মীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত স্মৰণীয় হৈ ৰ'ব।

তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে বুধবাৰে বিদ্যালয়খনৰ তৰফৰ পৰা এটি প্ৰতিনিধি দল তেখেতৰ বাসগৃহত উপস্থিত হয়। প্ৰতিনিধি দলটোত শিক্ষক কৃষ্ণ সাহা, হোমেশ্বৰ কলিতা, মকবুল হুছেইন মজুমদাৰ আৰু শিক্ষয়িত্ৰী সবিতা সন্দিকৈয়ে উপস্থিত থাকি প্ৰয়াত শিক্ষকগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইফালে, বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে এক মিনিট মৌন প্ৰাৰ্থনা কৰি প্ৰয়াত শিক্ষকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। বিদ্যালয়খনৰ শৈক্ষিক দিশৰ উত্তৰণত তেখেতে আগবঢ়োৱা দীৰ্ঘদিনীয়া আৰু অমূল্য সেৱা সদায় শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে স্মৰণীয় হৈ ৰ'ব বুলি বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দেবেন্দ্ৰ শৰ্মাই উল্লেখ কৰে।

লগতে সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক এই অপূৰণীয় ক্ষতি সহ্য কৰিবলৈ শক্তি আৰু সাহস প্ৰদানৰ বাবে প্ৰাৰ্থনা জনায়।