আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিহালীৰ সাংস্কৃতিক দল ‘আমা কলা কুঞ্জ’। পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ শিলিগুৰীত ১৩, ১৪ আৰু ১৫ নৱেম্বৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় দেউচী-ভাইলী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দলটোৱে প্ৰথম স্থান লাভ কৰে।

মুঠ ১৬টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত বিহালীৰ বটিয়ামাৰীৰ কলাশ্ৰী বিনোদ খনালৰ নেতৃত্বত যোৱা দলটোৱে এই সাফল্য অৰ্জন কৰে। দলটোৰ এই কৃতিত্বই বিহালীৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ নতুন সন্মান কঢ়িয়াই আনিছে।

প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি বিহালীলৈ উভতি অহাৰ পিছতে বিনোদ খনালৰ বাসগৃহত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাসৰ লগতে সমাজকৰ্মী প্ৰেমলাল গঞ্জু, সুমন শৰ্মা, গোৰ্খা সাহিত্য সভাৰ সম্পাদক গোপাল কাশ্যপ, সাংবাদিক ভুবন লুইটেল, খগেন মটক আৰু মিণ্টু বৰা উপস্থিত থাকে।

ইয়াৰ উপৰি আমা কলা কুঞ্জৰ সভাপতি গজেন শৰ্মা আৰু সম্পাদক ভুবন ঘোৰচানেও অনুষ্ঠানত অংশগ্ৰহণ কৰে। উপস্থিত বিশিষ্ট ব্যক্তিসকলে বিনোদ খনালক অভিনন্দন জনোৱাৰ লগতে দলটোৰ সাফল্যৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

বিহালীৰ কলা-সংস্কৃতিৰ ক্ষেত্ৰত এই সাফল্য এক উল্লেখযোগ্য সংযোজন বুলি উপস্থিত সকলোৱে মত প্ৰকাশ কৰে। আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিহালীৰ সাংস্কৃতিক পৰিচয় দাঙি ধৰাৰ বাবে ‘আমা কলা কুঞ্জ’ৰ সদস্যসকলকো প্ৰশংসা কৰা হয়।