শিৱসাগৰ, ১৮ নৱেম্বৰ:

দিখৌ নদী আৰু সীমান্তৱৰ্তী এলেকাত চলি থকা সকলো ধৰণৰ অবৈধ বালি, শিল আৰু কয়লা খনন অনতিপলমে বন্ধ কৰিবলৈ অসম চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী জনাই পানীত নামি 'জল সত্যাগ্ৰহ' (Water Protest) কাৰ্যসূচীৰে এক অভিনৱ প্ৰতিবাদ ।

অবৈধ বালি, শিল আৰু কয়লা খননৰ বিৰুদ্ধে দিখৌ নদীৰ বুকুত পানীত নামি ‘জল সত্যাগ্ৰহ’ কাৰ্যসূচী ৰূপায়ণ কৰিলে অসম যুৱ ছাত্ৰ সন্মিলনী আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই।

সংগঠন দুটাই অভিযোগ কৰে যে, দিখৌ নদীৰ আশে-পাশে আৰু চুবুৰীয়া নাগালেণ্ডত অবাধে অবৈধ খনন চলি আছে। এই খননৰ ফলত শিৱসাগৰ, চৰাইদেউকে ধৰি বিভিন্ন অঞ্চলত বানপানী আৰু খহনীয়াৰ সমস্যা ভয়াৱহ হৈ পৰিছে বুলি তেওঁলোকে দাবী কৰে।

দিখৌ নদীক সুৰক্ষা দিলেহে নদীখনৰ পাৰত বসবাস কৰা লক্ষাধিক লোকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত হ'ব বুলি সংগঠন দুটাই মত প্ৰকাশ কৰে।

প্ৰতিবাদকাৰীসকলে দিখৌ নদী আৰু সীমান্তৱৰ্তী অঞ্চলত অবৈধ বালি, শিল আৰু কয়লা খনন বন্ধ কৰিবলৈ অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনায়। নদীৰ খহনীয়া আৰু প্ৰদূষণ ৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ উপযুক্ত পুনঃসংস্থাপনৰ দাবীও উত্থাপন কৰে।

ইয়াৰ পূৰ্বে একে দাবীত সংগঠন দুটাই জনতা ভৱন অভিমুখে পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছিল। সেই সময়ত গুৱাহাটীত সংগঠন দুটাৰ নেতাসকলক আৰক্ষীয়ে আটক কৰিছিল বুলি জানিব পৰা গৈছে।

অবৈধ খননৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনতো প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখা হ'ব বুলি সংগঠন দুটাৰ নেতাসকলে হুংকাৰ দিয়ে।