শিৱসাগৰ, ১৮ নৱেম্বৰ: চুবুৰীয়া নাগালেণ্ডত অবৈধ বালি, শিল আৰু কয়লা খনন বন্ধ কৰাৰ দাবীত শিৱসাগৰৰ দিখৌ নৈত জল সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম যুৱ ছাত্ৰ সন্মিলনী আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই।

দুয়োটা সংগঠনৰ নেতৃত্বই নৈখনত নামি এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। বানাক্ৰান্ত লোকসকলৰ পুনঃসংস্থাপনৰ দাবীও প্ৰতিবাদকাৰীসকলে উত্থাপন কৰে।

নাগালেণ্ডত চলি থকা বুলি অভিযোগ উঠা অবৈধ খনন কাৰ্য বন্ধ কৰিবলৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ উদ্দেশ্যে প্ৰতিবাদকাৰীসকলে নদীৰ মাজত নামি প্ৰতিবাদ কৰে।

ইয়াৰ পূৰ্বে একেই দাবীক লৈ দুয়োটা সংগঠনৰ নেতৃত্বই জনতা ভৱন অভিমুখে পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছিল। গুৱাহাটীত আৰক্ষীয়ে সংগঠন দুটাৰ নেতাসকলক আটক কৰিছিল বুলি জানিব পৰা গৈছে।

চৰকাৰে অবৈধ বালি, শিল আৰু কয়লা খনন বন্ধৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনতো প্ৰতিবাদ অব্যাহত ৰখা হ'ব বুলি সংগঠন দুটাৰ নেতাসকলে হুংকাৰ দিয়ে।