ডিগবৈ, ১৮ নৱেম্বৰ: ডিগবৈ বিধানসভা সমষ্টিভিত্তিক নাগৰিক সমাজৰ উদ্যোগত ‘প্ৰবুদ্ধ নাগৰিক সভা’ এখন লুইত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সভাত নিৰ্বাচন আয়োগৰ কৰ্মপদ্ধতি, নীতি-নিয়মক লৈ বিৰোধী দলসমূহে উত্থাপন কৰা অভিযোগৰ তীব্ৰ সমালোচনা কৰে শাসকীয় পক্ষৰ বক্তাসকলে।

সভাত উপস্থিত থাকি তিনিচুকীয়া সমষ্টিৰ বিধায়ক পুলক গোঁহাইয়ে ভাৰতবৰ্ষক স্বাধীনতাৰ পিছত এখন অগ্ৰণী দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰসংগ উল্লেখ কৰে। বিদেশী শক্তিৰ প্ৰৰোচনাত নিৰ্বাচন আয়োগৰ কাম-কাজ আৰু নীতি-নিয়মক লৈ বিৰোধী দলসমূহে তথ্য-প্ৰমাণবিহীনভাৱে আক্ৰমণ চলোৱা বুলি অভিযোগ উত্থাপন কৰি তেওঁ এনে কাৰ্যক ধিক্কাৰ জনায়।

সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰৰ বিষয়া গোপাল চন্দ্ৰ দাস, বিশিষ্ট অধিবক্তা কমলেশ চক্ৰৱৰ্তী আৰু গোৰ্খা ছাত্ৰ সন্থাৰ অশোক কুমাৰ লামাই বক্তব্য আগবঢ়ায়।

ডিগবৈৰ বিধায়ক সুৰেন ফুকনেও সভাত বক্তব্য ৰাখি বিৰোধী দলসমূহক কঠোৰ ভাষাৰে সমালোচনা কৰে। বিৰোধীয়ে উত্থাপন কৰা তথ্যবিহীন আৰু মনেসজা অভিযোগসমূহক গুৰুত্ব নিদিবলৈ তেওঁ ৰাইজক আহ্বান জনায়।

সভাত নাৰায়ণ জৈশী, ত্ৰিলোক গুপ্তাৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে।