কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই চিত্ৰশিল্পী মাৰ্চেল বৰুৱাক আটক কৰাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ জন্মদিনত আধৰুৱা ছবি সম্পূৰ্ণ কৰিবলৈ যোৱাৰ সময়তে চিত্ৰশিল্পীগৰাকীক আটক কৰা ঘটনাক তেওঁ জুবিনৰ প্ৰতি অসন্মান আৰু অশ্ৰদ্ধাৰ নিদৰ্শন বুলি অভিহিত কৰে।
শইকীয়াই অভিযোগ কৰে যে জুবিন গাৰ্গ জীয়াই থকাৰ সময়তো একাংশ লোকৰ বাবে অসুবিধাৰ কাৰণ হৈ পৰিছিল। সেই কাৰণেই তেওঁক ছিংগাপুৰত হত্যা কৰা হৈছিল বুলিও তেওঁ মন্তব্য কৰে।
তেওঁৰ মতে, জুবিনৰ মৃত্যুৰ পিছতো শিল্পীজনৰ আদৰ্শ আৰু স্মৃতি একাংশৰ বাবে অস্বস্তিৰ কাৰণ হৈ আছে। মাৰ্চেল বৰুৱাক ছবি অংকন কৰাত বাধা দিয়াৰ ঘটনাত তাৰেই প্ৰতিফলন দেখা গৈছে বুলি শইকীয়াই কয়।
শইকীয়াই কয় যে মাৰ্চেল বৰুৱাই বহু দিনৰ আগৰে পৰা ঘোষণা কৰি আহিছিল যে জুবিন গাৰ্গৰ জন্মদিনত তেওঁ আধৰুৱা কৰি থোৱা ছবিখন সম্পূৰ্ণ কৰিব। চৰকাৰে জুবিনৰ প্ৰতি সঁচা সন্মান প্ৰদৰ্শন কৰা হ'লে অসমৰ বিভিন্ন স্থানত নিজা উদ্যোগত জুবিনৰ ছবি অংকন বা প্ৰতিমূৰ্তি স্থাপনৰ ব্যৱস্থা কৰিলেহেঁতেন বুলিও তেওঁ মন্তব্য কৰে।
বিশ্বৰ বিভিন্ন স্থানত জাতিৰ পথপ্ৰদৰ্শক, বীৰ-বীৰাংগনা আৰু বিশিষ্ট ব্যক্তিৰ ছবি বা প্ৰতিমূৰ্তি স্থাপন কৰাটো গৌৰৱ আৰু সন্মানৰ পৰম্পৰা বুলি উল্লেখ কৰি শইকীয়াই কয় যে অসমত জুবিনৰ আদৰ্শক লৈ একাংশ লোকৰ ভয় আৰু ঘৃণা আছে। জুবিনৰ ছবিখনেও তেওঁলোকৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰিছে বুলি তেওঁ অভিযোগ কৰে। জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে অসমৰ লগতে দেশ-বিদেশৰ অনুৰাগীয়ে বিভিন্ন অনুষ্ঠানৰ জৰিয়তে শিল্পীজনৰ সৃষ্টি, অৱদান আৰু গীত-মাত স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰাৰ সময়তে আধৰুৱা ছবি সম্পূৰ্ণ কৰিবলৈ যোৱা চিত্ৰশিল্পীগৰাকীক আটক কৰাটো জুবিনৰ প্ৰতি চূড়ান্ত অসন্মানৰ নিদৰ্শন বুলি তেওঁ অভিহিত কৰে।