১৮ নৱেম্বৰ, ২০২৬

বিশেষ দিনটো উদ্‌যাপনৰ বাবে জুবিন ক্ষেত্ৰত অসম চৰকাৰৰ ফালৰ পৰা সামান্য আয়োজন নকৰাটো দুৰ্ভাগ‍্যজনক, গৰিহণাযোগ‍্য। বিশেষ কোনো অনুষ্ঠান আয়োজন দূৰৰে কথা; না এডাল মালা, না এখন বেনাৰ লগালে! সাংস্কৃতিক পৰিক্ৰমাৰ গোটেই বিভাগটোকেই আজিৰ দিনটোৰ বাবে ছুটী দিয়া হৈছে নেকি?

জুবিন গাৰ্গৰ অবৰ্তমানত তেওঁৰ দ্বিতীয়টো জন্মদিনত জুবিন ক্ষেত্ৰত অসম চৰকাৰে সামান্যতমো আয়োজন নকৰাটো দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য বুলি মন্তব্য কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই।

বিশেষ অনুষ্ঠান আয়োজনৰ কথা দূৰৈৰ কথা, জুবিন ক্ষেত্ৰত এডাল মালা বা এখন বেনাৰো লগোৱা নহ’ল বুলি তেওঁ অভিযোগ তোলে।

“সাংস্কৃতিক পৰিক্ৰমা বিভাগটোকেই আজিৰ দিনটোৰ বাবে ছুটী দিয়া হৈছে নেকি?” — উৎপল শৰ্মা

জুবিন ক্ষেত্ৰলৈ সোমোৱা পথত দ’মে দ’মে মাটি পৰি থকা আৰু জন্মদিনটোত চৌহদ অপৰিষ্কাৰ হৈ থকাক দায়িত্বজ্ঞানহীন আচৰণ বুলি অভিহিত কৰে শৰ্মাই।

ভূপেন হাজৰিকাদেৱৰ জন্ম আৰু মৃত্যুদিনত তেওঁৰ সমাধিক্ষেত্ৰত কৰা চৰকাৰী আয়োজনৰ দৰেই জুবিন ক্ষেত্ৰতো সৌজন্যতা আশা কৰা হৈছিল বুলি তেওঁ কয়। চৰকাৰে আয়োজন নকৰিলে সেয়া খোলাকৈ জনালে ৰাইজে সাধ্যানুসাৰে আয়োজন কৰিব বুলিও শৰ্মাই মন্তব্য কৰে।