গুৱাহাটী, ১৮ নৱেম্বৰ: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৪ সংখ্যক জন্মদিনত আবেগিক হৈ পৰিল পিতৃ কপিল বৰঠাকুৰ। পুত্ৰৰ জন্মদিনৰ দিনটোত স্মৃতি আৰু আবেগেৰে ভৰা কণ্ঠেৰে তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই কয়।

“সি পুনৰ আমাৰ মাজলৈ উভতি আহক।”

জুবিনৰ জন্মদিন উপলক্ষে শিল্পীগৰাকীৰ প্ৰতি অসমবাসীয়ে দেখুওৱা মৰম আৰু ভালপোৱাৰ বাবে কপিল বৰঠাকুৰে কৃতজ্ঞতা প্ৰকাশ কৰে। জুবিনৰ প্ৰতি ৰাইজৰ এই অকৃত্ৰিম মৰম যেন সদায় অটুট থাকে, তাৰেই কামনা কৰে তেওঁ।

পুত্ৰক হেৰুৱাৰ বেদনাৰ মাজতো জুবিনৰ জন্মদিনত অনুৰাগী আৰু ৰাইজে দেখুওৱা মৰমে পৰিয়ালটোক আবেগিক কৰি তুলিছে। জুবিনৰ প্ৰতি মানুহৰ এই ভালপোৱা আৰু শ্ৰদ্ধা অব্যাহত থাকক, সকলোৱে তেওঁক সদায় মৰম কৰি থাকক বুলিও কপিল বৰঠাকুৰে কামনা প্ৰকাশ কৰে।

জুবিন গাৰ্গ আজি শাৰীৰিকভাৱে নাই যদিও তেওঁৰ গীত, সুৰ আৰু স্মৃতি অসমৰ মানুহৰ হৃদয়ত গভীৰভাৱে ৰৈ গৈছে। জন্মদিনৰ দিনটোত পিতৃৰ এই আবেগিক আহ্বানে পুনৰ এবাৰ জুবিনৰ প্ৰতি অসমবাসীৰ অগাধ মৰম আৰু আৱেগৰ প্ৰতিফলন ঘটায়।