গুৱাহাটী, ১৮ নৱেম্বৰ: জুবিন গাৰ্গৰ জন্মদিনত শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি পুনৰ সৰৱ হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু। জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবই লাগিব আৰু ন্যায় নোপোৱালৈকে আন্দোলন তথা দাবী অব্যাহত থাকিব বুলি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই জনাইছে।

শিল্পীগৰাকীৰ জন্মদিনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভট্টাচাৰ্যই কয়, বিশেষ তদন্তকাৰী দল চমুকৈ এছআইটিয়ে দাখিল কৰা প্ৰতিবেদনত উল্লেখ থকা সকলো তথ্য আদালতত প্ৰমাণ কৰাৰ দায়িত্ব অসম চৰকাৰৰ ওপৰত আছে। প্ৰতিবেদনত থকা তথ্যসমূহ আদালতত যথাযথভাৱে প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

“জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবই লাগিব। ন্যায় নোপোৱালৈকে আমি ক্ষান্ত নহওঁ।”

অসমৰ জনসাধাৰণে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী বুকুত লৈ আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, জন্মদিনৰ বিশেষ দিনটোতো সেই দাবী পুনৰ দোহৰা হৈছে। ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা প্ৰকাশ কৰি তেওঁ কয়, আদালতৰ জৰিয়তে জুবিন গাৰ্গে ন্যায় পাব বুলি তেওঁলোক আশাবাদী।

এছআইটিৰ প্ৰতিবেদনত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক হত্যাকাণ্ড বুলি উল্লেখ কৰা হৈছে বুলি ভট্টাচাৰ্যই দাবী কৰে। মুখ্যমন্ত্ৰীয়েও বিধানসভাত ঘটনাটোক হত্যা বুলি উল্লেখ কৰিছিল বুলি তেওঁ স্মৰণ কৰে। ঘটনাটোৰ সৈতে জড়িত অভিযুক্তসকলক কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাটোৱেই জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায় হ'ব বুলি তেওঁ মন্তব্য কৰে।

চৰকাৰে গঠন কৰা তদন্তকাৰী দলটোৱে প্ৰতিবেদন দাখিল কৰাৰ পাছত, সেই প্ৰতিবেদনৰ ভিত্তিত ন্যায় নিশ্চিত কৰাৰ দায়িত্বও চৰকাৰৰ ওপৰত আহি পৰিছে বুলি তেওঁ কয়। এছআইটিৰ প্ৰতিবেদনৰ প্ৰতিটো কথা তথ্য আৰু প্ৰমাণসহ আদালতত প্ৰতিষ্ঠা কৰিব লাগিব বুলিও তেওঁ দাবী জনায়। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত অসমৰ ৰাইজৰ লগতে আছু দৃঢ়ভাৱে থিয় দিব আৰু ন্যায় নোপোৱালৈকে ক্ষান্ত নহ'ব বুলি তেওঁ হুংকাৰ দিয়ে।