কোকৰাঝাৰ, ১৮ নৱেম্বৰ: শিল্পী জুবিন গাৰ্গৰ ৫৪সংখ্যক জন্মদিন উপলক্ষে কোকৰাঝাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। চান্দমাৰিস্থিত জুবিন পাৰ্কত অনুষ্ঠিত জন্মদিন উদযাপন অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী উপস্থিত থাকে।
অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰি শিল্পীগৰাকীৰ স্মৃতি, আদৰ্শ আৰু সমাজৰ প্ৰতি তেওঁৰ অৱদান স্মৰণ কৰা হয়।
জুবিন গাৰ্গৰ আদৰ্শ আৰু চিন্তা-চেতনাক আগন্তুক প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ আহ্বান জনাই মহিলাৰীয়ে শিল্পীগৰাকীৰ নামত নিৰ্মাণ হ'বলগীয়া পাৰ্কৰ বাবে ৩০ কোটি টকা আবণ্টনৰ কথা ঘোষণা কৰে। ইয়াৰে প্ৰথম পৰ্যায়ৰ কামৰ বাবে চলিত বছৰত ১০ কোটি টকা দিয়া হৈছে বুলিও তেওঁ জনায়।
অসমৰ ৰাইজে জুবিন গাৰ্গক প্ৰাণৰ শিল্পী হিচাপে স্বীকৃতি দিছে। তেওঁৰ আদৰ্শ সংৰক্ষণৰ বাবে চৰকাৰৰ তৰফৰ পৰা সন্মান অব্যাহত থাকিব বুলি হাগ্ৰামা মহিলাৰীয়ে কয়।
ইফালে, ড০ ভূপেন হাজৰিকাৰ নামত পাৰ্ক নিৰ্মাণৰ বাবে ১০ কোটি টকা আবণ্টন দিয়াৰ কথাও মহিলাৰীয়ে উল্লেখ কৰে। এই প্ৰকল্পৰ কাম চলিত বছৰৰ পৰাই আৰম্ভ হ'ব বুলি তেওঁ জনায়। বিৰছা মুণ্ডাৰ নামত ১২ কোটি টকা ব্যয়ৰে ফুটবল ষ্টেডিয়াম নিৰ্মাণৰ কথাও তেওঁ ঘোষণা কৰে। অহা বছৰৰ পৰা এই কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।
জন্মদিন উদযাপনৰ অনুষ্ঠানতে মহিলাৰীয়ে বড়ো, অসমীয়া, আদিবাসী, চাঁওতাল, বাঙালী, মুছলমান আৰু গোৰ্খাকে ধৰি সকলো জনগোষ্ঠীৰ মাজত সমান সন্মান আৰু সম্প্ৰীতি বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সকলোকে যথাযোগ্য সন্মান দিয়াৰ ক্ষেত্ৰত বিটিচিয়ে কাম কৰি যাব বুলিও তেওঁ আশ্বাস দিয়ে।