গুৱাহাটী, ১৮ নৱেম্বৰ: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।
পুৱাৰ ভাগত অনুষ্ঠিত অনুষ্ঠানত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰা হয়।
অনুষ্ঠানত বিধায়িকা বেবী বেগম, প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাধাৰণ সম্পাদক বিপুল গগৈ, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, জ্যেষ্ঠ কংগ্ৰেছ নেতা গুণকান্ত গগৈ, মইনাজান বেগমকে ধৰি শতাধিক দলীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। কৰ্মীসকলে সমস্বৰে জুবিন গাৰ্গৰ জনপ্ৰিয় গীত ‘মায়াৱিনী’ পৰিৱেশন কৰে।
চমু ভাষণত বিপুল গগৈয়ে জুবিন গাৰ্গে অসমৰ মানুহক কিমান ভাল পাইছিল আৰু তেওঁৰ জাতীয় প্ৰেমৰ ব্যাপ্তি কিমান আছিল, সেই সন্দৰ্ভত বক্তব্য আগবঢ়ায়।
বেদব্ৰত বৰাই জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সকলোৱে সমস্বৰে মাত মাতি ন্যায় নোপোৱালৈকে সংগ্ৰাম চলাই যোৱাৰ সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
চৰকাৰে এখন দুৰ্বল চাৰ্জশ্বীট দাখিল কৰাৰ বাবেই জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তসকলে এজন এজনকৈ জামিন পাইছে। মুখ্যমন্ত্ৰীয়ে হত্যাকাণ্ড বুলি ঘোষণা কৰাৰ পিছতো অভিযুক্তসকলে এনেদৰে জামিন পোৱাটোৱে এই চৰকাৰৰ পৰা জুবিন গাৰ্গে ন্যায় নাপায় বুলি প্ৰমাণ কৰিছে।
অনুষ্ঠানত কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা-নেত্ৰীয়ে চমু ভাষণৰ জৰিয়তে শিল্পীগৰাকীক স্মৰণ কৰে।