ডিব্ৰুগড়, ১৮ নৱেম্বৰ:
জুবিন গাৰ্গৰ জন্মদিনৰ অনুষ্ঠানত অংশ ল'বলৈ ডিব্ৰুগড়ত কুণাল গাঞ্জেৱালা।প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৪ সংখ্যক জন্মদিন উপলক্ষে ডিব্ৰুগড়ত আয়োজিত বিশেষ অনুষ্ঠানত অংশ ল'বলৈ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কুণাল গাঞ্জেৱালা ডিব্ৰুগড়ত উপস্থিত হৈছে।
১৮ নৱেম্বৰত ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত "সৃষ্টিৰ দিন" শীৰ্ষক এক দিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰা হৈছে।
কুণাল গাঞ্জেৱালা ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত স্থানীয় আয়োজকসকলে তেওঁক পৰম্পৰাগত অসমীয়া গামোচা আৰু ফুলৰ থোপাৰে উষ্ম আদৰণি জনায়।
সন্ধিয়া চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত গাঞ্জাৱালাই অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে আয়োজকসকলে অসমীয়া ফুলাম গামোচা আৰু ফুলৰ থোপাৰে কণ্ঠশিল্পীগৰাকীক আদৰণি জনায়।
গৰিমা শইকীয়া গাৰ্গৰ আমন্ত্ৰণত পূৰ্বনিৰ্ধাৰিত আন কাৰ্যসূচী বাতিল কৰি জুবিন গাৰ্গৰ জন্মদিনত শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ বুলি কুণাল গাঞ্জাৱালাই জনায়।
জুবিন গাৰ্গ ফেন ক্লাব, বন্ধুবৰ্গ আৰু অসম শিল্পী সমাজৰ উদ্যোগত আয়োজিত ‘সৃষ্টিৰ দিন’ৰ কাৰ্যসূচী পুৱা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয়। ইয়াৰ পাছতে জুবিন গাৰ্গৰ জীৱন আৰু সৃষ্টিৰ আধাৰত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।
অনুষ্ঠানত প্ৰায় ১০ হাজাৰ অনুৰাগী আৰু শিল্পীয়ে একেলগে জুবিন গাৰ্গৰ কালজয়ী গীত ‘মায়াবিনী ৰাতিৰ বুকুত’ পৰিৱেশন কৰাৰ কাৰ্যসূচীও ৰখা হৈছে। বিয়লি জুবিন গাৰ্গৰ সৃষ্টিশীল যাত্ৰা, শিল্পকৰ্ম আৰু সংগীতৰ অৱদানক লৈ আলোচনা চক্ৰ অনুষ্ঠিত হয়।
সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত কুণাল গাঞ্জাৱালাৰ লগতে জিত গাংগুলী, পাপন আৰু অসমৰ আন কেইবাগৰাকীও শিল্পীয়ে অংশগ্ৰহণ কৰাৰ কথা আছে।
কাইলৈ কুণাল গাঞ্জাৱালাই গুৱাহাটীলৈ গৈ জুবিন গাৰ্গৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনাব বুলি জানিব পৰা গৈছে। তাৰ পাছত তেওঁ শিলচৰলৈ যাব। অহা ২১ নৱেম্বৰত ডিমা হাছাওৰ জাটিংগা মহোৎসৱতো কণ্ঠশিল্পীগৰাকীয়ে সংগীত পৰিৱেশন কৰিব।