নতুন দিল্লী, ১৮ নৱেম্বৰ: ২০২৫ চনৰ ১২ জুনত আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াৰ এআই-১৭১ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ত জনাইছে। চূড়ান্ত তদন্ত প্ৰতিবেদন প্ৰকাশৰ বাবে কেন্দ্ৰই আৰু ২-৩ সপ্তাহ সময় বিচাৰিছে।
কেন্দ্ৰীয় চৰকাৰ আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ হৈ আদালতত উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে, বিমান দুৰ্ঘটনা তদন্ত ব্যুৰোৰ তদন্ত এতিয়া অন্তিম পৰ্যায়ত আছে। আন্তঃৰাষ্ট্ৰীয় নিয়ম-নীতি অনুসৰণ কৰি তদন্ত সম্পূৰ্ণ কৰিবলৈ কিছু অতিৰিক্ত সময়ৰ প্ৰয়োজন হৈছে আৰু তদন্ত ইচ্ছাকৃতভাৱে পলম কৰাৰ কোনো উদ্দেশ্য নাই বুলি তেওঁ স্পষ্ট কৰে।
বিমানখনৰ কেপ্টেইন সুমিত সভৰৱালৰ ৯১ বছৰীয়া পিতৃ পুষ্কৰ ৰাজ সভৰৱালে পৃথক আৰু স্বতন্ত্ৰ তদন্তৰ দাবীত আবেদন দাখিল কৰিছে। আবেদনকাৰীৰ হৈ অধিবক্তা প্ৰশান্ত ভূষণ আৰু প্ৰণৱ সচদেৱে যুক্তি দাঙি ধৰি কয় যে, তদন্তৰ নামত বাৰে বাৰে সময় বিচৰা হৈছে, অথচ চূড়ান্ত প্ৰতিবেদন এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
প্ৰশান্ত ভূষণে তদন্তকাৰী দলৰ গঠনক লৈও প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ অভিযোগ অনুসৰি, পাঁচগৰাকী সদস্যৰ দলটোৰ তিনিগৰাকী অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিষয়া। ইয়াৰ ফলত তদন্তৰ নিৰপেক্ষতা আৰু স্বতন্ত্ৰতাক লৈ স্বাৰ্থৰ সংঘাতৰ আশংকা আছে বুলি তেওঁ যুক্তি আগবঢ়ায়।
ইয়াৰ প্ৰত্যুত্তৰত তুষাৰ মেহতাই কয় যে, তদন্তত বিমানখনৰ যাত্ৰী থকা দেশসমূহৰ বিশেষজ্ঞসকলকো জড়িত কৰা হৈছে। বিমানখনৰ বিভিন্ন অংশ নিৰ্মাতাসকলৰ ওচৰলৈ পৰীক্ষাৰ বাবে পঠিওৱাৰ বাবেও তদন্তত সময় লাগিছে বুলি তেওঁ ব্যাখ্যা কৰে।
উল্লেখ্য যে, ২০২৫ চনৰ ১২ জুনত আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মাৰাৰ কিছু সময়ৰ পিছতে এআই-১৭১ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ব'য়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমানখনত থকা ২৪২জন যাত্ৰীৰ ভিতৰত ২৪১জনৰ মৃত্যু হৈছিল। ভূমিত থকা আন ১৯জন লোকৰো মৃত্যু হোৱাত মুঠ ২৬০জন লোকৰ প্ৰাণহানি হয়।
২০২৫ চনৰ জুলাইত প্ৰকাশ পোৱা প্ৰাৰম্ভিক তদন্ত প্ৰতিবেদনত উৰণৰ কিছু মুহূৰ্তৰ পিছতে বিমানখনৰ দুয়োটা ইঞ্জিনৰ ইন্ধন নিয়ন্ত্ৰণ ছুইচ ‘ৰান’ অৱস্থাৰ পৰা ‘কাটঅফ’ অৱস্থালৈ যোৱাৰ তথ্য প্ৰকাশ পাইছিল। ফলত দুয়োটা ইঞ্জিনলৈ ইন্ধনৰ যোগান বন্ধ হৈছিল। অৱশ্যে ছুইচ দুটা কিয় আৰু কেনেদৰে স্থানান্তৰিত হৈছিল, সেই বিষয়ে নিশ্চিত সিদ্ধান্ত দিয়া হোৱা নাছিল। কেন্দ্ৰৰ বক্তব্য শুনাৰ পিছত সৰ্বোচ্চ ন্যায়ালয়ে গোচৰটোৰ পৰৱৰ্তী শুনানি দুসপ্তাহৰ পিছত গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।