পাটিয়ালা, ১৯ নৱেম্বৰ:
পাটিয়ালাত ভাক্ৰা খালৰ দলং খহি ভয়ংকৰ দুৰ্ঘটনা, আৱদ্ধ দুখন ট্ৰাক ।পঞ্জাবৰ পাটিয়ালা-সংগ্ৰুৰ বাইপাছৰ পাছিয়ানা গাঁৱৰ সমীপত ভাক্ৰা খালৰ ওপৰত থকা এখন লোহাৰ দলং পুৱতি নিশা খহি পৰে। সেই সময়ত দলংখন পাৰ হৈ থকা দুখন ট্ৰাক খহি পৰা অংশত আৱদ্ধ হয় আৰু এখন ট্ৰাকত জুই লাগে।
পুৱা প্ৰায় ৫ বজাৰ পৰা ৫.৩০ বজাৰ ভিতৰত এই দুৰ্ঘটনা সংঘটিত হয়। প্ৰত্যক্ষদৰ্শী আৰু এজন ট্ৰাকচালকে জনোৱা অনুসৰি, দুৰ্ঘটনাৰ পূৰ্বে দলংখন কঁপি আছিল।
ঘটনাটোত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা হোৱা নাই। কিন্তু ট্ৰাক দুখনত থকা চালক, হেণ্ডিমেন আৰু শ্ৰমিকসহ কেইবাজনো লোক আহত হৈছে। উদ্ধাৰকাৰী দলে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
দুৰ্ঘটনাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখনত লগা জুই নিৰ্বাপন কৰে। সুৰক্ষাজনিত কাৰণত প্ৰশাসনে দলংখনৰ দুয়োটা মূৰ বেৰিকেডেৰে বন্ধ কৰি দিছে। ফলত পাটিয়ালা-সংগ্ৰুৰ পথত যান-বাহনৰ চলাচল ব্যাহত হৈছে।
ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনস্থ দলংখন কি কাৰণত খহি পৰিল, সেই সন্দৰ্ভত আৰক্ষী আৰু প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিক অনুসন্ধানত বালি ভৰ্তি অত্যাধিক ওজনৰ ট্ৰাক পাৰ হোৱাৰ ফলতে দলংখন খহি পৰাৰ সন্দেহ কৰা হৈছে।
প্ৰায় ১০ বছৰ পূৰ্বে, ২০১৬ চনত নিৰ্মাণ কৰা দলংখনৰ ভগ্ন অংশ কাৰিকৰী বিশেষজ্ঞ আৰু প্ৰাধিকৰণৰ বিষয়াসকলে পৰীক্ষা কৰিব। দলংখনৰ নিৰ্মাণৰ মানদণ্ড আৰু ৰক্ষণাবেক্ষণৰ ইতিহাসো তদন্তৰ আওতালৈ অনা হৈছে। আৱদ্ধ ট্ৰাক দুখন আঁতৰোৱাৰ অভিযান চলি আছে আৰু যাত্ৰীসকলক বিকল্প পথ ব্যৱহাৰ কৰিবলৈ প্ৰশাসনে পৰামৰ্শ দিছে।