গুৱাহাটী, ১৯ নৱেম্বৰ: স্নাতকোত্তৰ প্ৰশিক্ষণৰ সময়ছোৱাত বিবাহৰ দৰে ব্যক্তিগত জীৱনৰ গুৰুত্বপূৰ্ণ বিষয় পিছুৱাই ৰাখিবলৈ দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মেডিচিন বিভাগে। বিভাগটোৰ মুৰব্বী প্ৰশান্ত দিহিঙীয়াই ১৮ নৱেম্বৰত এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰাৰ কেইঘণ্টামানৰ ভিতৰতে নতুন নিৰ্দেশযোগে পূৰ্বৰ আদেশখন বাতিল কৰে।
নতুন নিৰ্দেশত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, মেডিচিন বিভাগৰ স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীসকলৰ আবাসিক প্ৰশিক্ষণকালত ব্যক্তিগত বিষয় সন্দৰ্ভত জাৰি কৰা পৰামৰ্শমূলক কাৰ্যালয় আদেশখন তৎক্ষণাতে প্ৰত্যাহাৰ কৰা হৈছে। নতুন জাননী জাৰি হোৱাৰ তাৰিখৰ পৰাই পূৰ্বৰ আদেশখন বাতিল বুলি গণ্য কৰা হ’ব।
উল্লেখ্য যে, পূৰ্বৰ নিৰ্দেশটোত সাধাৰণ মেডিচিনৰ স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীসকলক আবাসিক প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ নোহোৱালৈকে বিবাহৰ দৰে ব্যক্তিগত জীৱনৰ গুৰুত্বপূৰ্ণ বিষয় পিছুৱাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছিল। এই নিৰ্দেশক লৈ চিকিৎসক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
সৰ্বভাৰতীয় চিকিৎসক সন্থা ফেডাৰেচনে বিভাগটোৰ এই নিৰ্দেশক অযৌক্তিক আখ্যা দি তৎক্ষণাতে প্ৰত্যাহাৰৰ দাবী জনাইছিল। সংস্থাটোৰ মতে, প্ৰশাসনে আবাসিক চিকিৎসকসকলৰ ব্যক্তিগত জীৱন নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ কৰ্তব্যৰ সময় নিয়ন্ত্ৰণ কৰাত গুৰুত্ব দিয়া উচিত।
এই সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংস্থাটোৱে কয়, “আবাসিক প্ৰশিক্ষণ স্নাতকোত্তৰ পাঠ্যক্ৰম, সন্ন্যাসৰ শপত নহয়।”