শিৱসাগৰস্থিত ঐক্যৰ কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰে মহন দেওধাই বাইলুং সন্মিলনৰ সভাপতি মনোৰঞ্জন বৰুৱা আৰু সম্বনয়ক হেমজিৎ দেওধাই ফুকনে।

শেহতীয়াকৈ মহন-দেওধাই-বাইলুং সকলৰ মৰাণৰ জজলিত অনুষ্ঠিত এখন অভিৱৰ্তনত টাই ম ' নামৰ এক সুকীয়া জাতি আৰু জনজাতিকৰণ সুকীয়াকৈ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰা কাৰ্য্যৰ পাছতেই সমগ্ৰ ৰাজ্যত বিতৰ্কৰ সৃষ্টি হৈছিল।

আনহাতে সেই অভিৱৰ্তনত বি জে পি সাংসদ যোগেন মহনৰ অংশগ্ৰহনে বিষয়টো অধিক জটিল কৰি তুলিছিল।

শেহতীয়া পৰিস্থিতি সন্দৰ্ভত স্থিতি স্পষ্ট কৰিছে মহন দেওধাই বাইলুং সন্মিলন।

মহন দেওধাই বাইলুং সন্মিলন এনে জাতিদ্ৰোহী কাৰ্য্যৰ সৈতে কোনোপ্ৰকাৰে জড়িত নহয়।

মহন দেওধাই বাইলুং বংশাৱলী পৰিষদে মৰাণত টাই ম' বুলি সুকীয়া জনগোষ্ঠী আৰু জনজাতিকৰণ বিচৰা কাৰ্য্য সম্পূৰ্ণ অদ্ভুত।

মহন দেওধাই বাইলুং সন্মিলনে মৰাণত অনুষ্ঠিত অভিৱৰ্তনত বংশাৱলী পৰিষদে সুকীয়া পৰিচয় আৰু জনজাতিকৰণ বিচৰা সন্দৰ্ভত অৱগত নহয় বা তাক সমৰ্থন নকৰে।

টাই ম' বুলি নামাকৰণ কৰা সংগঠনটো ২০২৫ চনত গঠন হৈছিল।

এই সংগঠনটো সম্পূৰ্ণ নতুন আৰু তেওঁলোকে কি ধৰণে আগবাঢ়িছে বা কি নীতি আদৰ্শক সৰোগত কৰি সেই বিষয়ে মহন দেওধাই বাইলুং সন্মিলন অৱগত নহয়।

মহন দেওধাই বাইলুং সন্মিলনৰ তৰফৰ পৰা কোনো জাতি ভঙা বা পতা কাৰ্য্য আজি পৰ্য্যন্ত হোৱা নাই।

তেওঁলোকে কি কাৰণত সুকীয়া পৰিচয় বিচাৰিছে সেই বিষয়ে আমি অজ্ঞ। সম্ভৱ তেওঁলোকৰ উচ্চাকাংক্ষা নাইবা লোভৰ বাবেই তেওঁলোকে এনে ধৰণৰ জাতিক খণ্ডিত কৰা কাৰ্যত লিপ্ত হৈছে।

সুকীয়া পৰিচয়ৰ জৰিয়তে সংখ্যাত তেওঁলোক কম বুলি বিবেচিত হব আৰু তেতিয়া অধিক চৰকাৰী আৰু সাংবিধানিক সুবিধা লাভ কৰিম বুলি এনে ধৰণৰ এজেণ্ডা গ্ৰহণ কৰিছে।

টাই ম' নামৰ নতুনকৈ গঠন হোৱা সংগঠনলৈ মহন দেওধাই বাইলুং সন্মিলনৰ অনুৰোধ আপোনালোকে সুকীয়া ফৰাম গঠনৰ প্ৰয়োজন নাই সকলো একেলগে আগবাঢ়ক।

তাই ভাষাত ম' শব্দৰ অৰ্থ হল জ্ঞানী। কিন্তু তেওঁলোকে প্ৰকৃততে ম' শব্দটোৰ মান ৰাখিছেনে বুলি প্ৰশ্ন মহন দেওধাই বাইলুং সন্মিলনৰ।

চৰকাৰে যদি মহন দেওধাই বাইলুং সকলক কিবা সুবিধা দিব বিচাৰে তাক গ্ৰহণ কৰাত আপত্তি নাই কিন্তু জাতি দ্বিখণ্ডিত হোৱা কোনো প্ৰস্তাৱক আমি মানি নলওঁ আৰু তেনে সুবিধাও আমি গ্ৰহণ নকৰো। লাগিলে অমৃতৰ কলহ দিলেও জাতি ভাঙি যোৱা কাৰ্য্য সমৰ্থন কৰি কোনো চৰকাৰী সুবিধা আমি গ্ৰহণ নকৰো।

মুখ্যমন্ত্ৰীৰ সন্মতিত এই অভিৱৰ্তন হৈছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে বিষয়টো অধিক জটিল হৈ পৰিল।

মুখ্যমন্ত্ৰী গৰাকীয়ে এনে কাৰ্য্যক সমৰ্থন নকৰে বুলি আমাৰ বিশ্বাস আছে। কিন্তু যিহেতু মুখ্যমন্ত্ৰীৰ নাম ওলাইছে গতিকে তেওঁ এটা স্পষ্টীকৰণ দিয়াটো এই জটিল সন্ধিক্ষণত অতি জৰুৰী।

এই টাই ম ' নামৰ সংগঠনটোৰ এই অভিৱৰ্তনৰ জৰিয়তে বা এনে জাতিদ্ৰোহী সিদ্ধান্ত গ্ৰহণ কৰি তাই আহোম সকলৰ হৃদপিণ্ডত আঘাত কৰাৰ চেষ্টা কৰিছে বুলি আমি অনুভৱ কৰিছো।

Lকোনো ৰাজনৈতিক অভিসন্ধিৰ ইয়াৰ আৰত থকাৰ সম্ভাৱনীয়তা নস্যাৎ কৰা নাই মহন দেওধাই বাইলুং সন্মিলনে।

এই জটিল ক্ষণত মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্টীকৰণ অতি প্ৰয়োজনীয়। যদিওবা নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক গৰাকীয়ে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হৈ স্পষ্টীকৰণ প্ৰদান কৰিছে।

কিন্তু এই জাতিদ্ৰোহী ভয়ংকৰ কাণ্ডৰ অন্ত পেলাবলৈ মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ অতি প্ৰয়োজন।

সংবাদমেলত মহন দেওধাই বাইলুং সন্মিলনে পুনৰ এনে জাতি দ্বিখণ্ডিত কৰা কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ টাই ম ' নামৰ সংগঠনটোক অনুৰোধ জনায়।