জুবিন গাৰ্গৰ অতিকৈ মৰমৰ ৰেঞ্জ ৰ'ভাৰ বাহনখন বিক্ৰী হোৱাৰ ঘটনাক লৈ সামাজিক মাধ্যমত চৰ্চা চলিছে। শিল্পীগৰাকীয়ে সপোনৰ বাহন বুলি উল্লেখ কৰা গাড়ীখন কোনে ক্ৰয় কৰিলে, তাক লৈ অনুৰাগীসকলৰ মাজত কৌতূহল সৃষ্টি হৈছিল।

খবৰ অনুসৰি, আজাৰাৰ সোণমনি দাস নামৰ এগৰাকী যুৱকে বাহনখন ক্ৰয় কৰিছে। গাড়ীখন ক্ৰয় কৰাৰ কাৰণ সন্দৰ্ভত সোণমনি দাসে কয়, “গাড়ী বুলি নহয়, দাদাক ভাল পাওঁ কাৰণে গাড়ীখন ক্ৰয় কৰিছোঁ।”

এএছ-০১-জিএ-৯৯৯৯ নম্বৰৰ এই ৰেঞ্জ ৰ'ভাৰ বাহনখন জুবিন গাৰ্গে ক্ৰয় কৰিছিল। বিভিন্ন মঞ্চত তেওঁ বাহনখনক নিজৰ সপোনৰ গাড়ী বুলি উল্লেখ কৰিছিল।

খবৰ অনুসৰি, জুবিন গাৰ্গৰ ৫৪সংখ্যক জন্মদিনৰ পিছদিনাই বাহনখন বিক্ৰী কৰা হৈছিল। এই সন্দৰ্ভত এতিয়ালৈকে পৰিয়ালৰ ফালৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য দিয়া হোৱা নাই।

বাহনখন বিক্ৰী হোৱাৰ খবৰ বিয়পি পৰাৰ পাছত বহু অনুৰাগীয়ে দুখ প্ৰকাশ কৰিছে। আনহাতে, একাংশ লোকে ইয়াক পৰিয়ালৰ একান্ত ব্যক্তিগত সিদ্ধান্ত বুলি মন্তব্য কৰি বিষয়টোক লৈ প্ৰশ্ন তোলাটো উচিত নহয় বুলি মত দিছে।