অসম: ‘মু টাই’ পৰিচয়ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম জড়িত হোৱা সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিছে হেমজিত দেওধাই ফুকনে। মুখ্যমন্ত্ৰীয়ে টাই আহোম জাতিক বিভাজিত কৰাৰ উদ্দেশ্যে কোনো অভিৱৰ্তন আয়োজনৰ পৰামৰ্শ দিছে বুলি তেওঁ বিশ্বাস নকৰে বুলি উল্লেখ কৰি বিষয়টোৰ তদন্তৰ দাবী জনাইছে।
নিজৰ বক্তব্যত হেমজিত দেওধাই ফুকনে কয় যে এখন বাতৰি কাকতত প্ৰকাশিত বাতৰিৰ পৰা তেওঁলোকে জানিব পাৰিছিল যে সংশ্লিষ্ট ব্যক্তিসকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল আৰু জাতি গঠনৰ বাবে সুকীয়া অভিৱৰ্তন আয়োজনৰ পৰামৰ্শ লাভ কৰিছিল। অৱশ্যে পিছত নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁয়ে মুখ্যমন্ত্ৰীৰ এই বিষয়ত কোনো ভূমিকা নাই বুলি স্পষ্টীকৰণ দিয়া বুলি তেওঁ উল্লেখ কৰে।
হেমজিত দেওধাই ফুকনৰ মতে, মুখ্যমন্ত্ৰীয়ে এনে পৰামৰ্শ দিয়া বুলি তেওঁ বিশ্বাস নকৰে। তেওঁ মুখ্যমন্ত্ৰীক জাতি গঢ়া ব্যক্তি হিচাপেহে জানে, জাতি ভঙা ব্যক্তি হিচাপে নহয়। কিন্তু বাতৰি কাকতত প্ৰকাশিত তথ্যক লৈ সৃষ্টি হোৱা বিভ্ৰান্তি দূৰ কৰিবলৈ মুখ্যমন্ত্ৰীৰ পৰা লিখিত অথবা মৌখিক স্পষ্টীকৰণ বিচাৰিছে তেওঁ।
তেওঁৰ দাবী, মুখ্যমন্ত্ৰীৰ নাম ব্যৱহাৰ কৰি কোনে এনে বাতৰি প্ৰকাশৰ পৰিস্থিতি সৃষ্টি কৰিলে, সেই বিষয়েও তদন্ত হোৱা উচিত। একেদৰে ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী যোগেন মহনৰ নাম বিতৰ্কত জড়িত হোৱা সন্দৰ্ভতো তেওঁ প্ৰশ্ন উত্থাপন কৰে। যোগেন মহনক সামাজিক ব্যক্তি বুলি অভিহিত কৰি তেওঁ কয় যে আমন্ত্ৰণ লাভ কৰিলে বিভিন্ন অনুষ্ঠানত উপস্থিত হোৱাটো স্বাভাৱিক; তাৰ অৰ্থ এইটো নহয় যে তেওঁ অনুষ্ঠানটোৰ সিদ্ধান্ত বা ৰাজনৈতিক উদ্দেশ্যৰ সৈতে জড়িত।
‘আমি ভঙা মানুহ নহয়, জোৰা মানুহ’
টাই আহোম জাতিৰ একতাৰ কথা উল্লেখ কৰি হেমজিত দেওধাই ফুকনে কয়, তেওঁলোক কোনো বিভাজনৰ পক্ষত নাই। দেওধাই, মোহন, বৰগোহাঁই আৰু বুঢ়াগোহাঁইকে ধৰি বিভিন্ন পৰিয়াল আৰু ফৈদৰ মাজত থকা পৰম্পৰাগত সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁ সকলোকে একে বৃহত্তৰ টাই আহোম সমাজৰ অংশ হিচাপে চোৱাৰ আহ্বান জনায়।
তেওঁৰ মতে, দেওধাই, মোহন, মু ব্যক্তিসকলক চামোল পান দি যদি কোনো অনুষ্আঠানলৈ আমন্ত্ৰণ জনোৱা হয় তেন্তে তেওঁলোকে অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগে।সেয়ে কেৱল কোনো অনুষ্ঠানত উপস্থিত থকাৰ বাবেই তেওঁলোকক জাতি বিভাজনৰ সৈতে জড়িত কৰাটো উচিত নহয়।
বংশাৱলী পৰিষদৰ পদত্যাগৰ দাবীও উত্থাপন
বক্তব্যত হেমজিত দেওধাই ফুকনে আন এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে। তেওঁৰ মতে, বিতৰ্কিত বংশাৱলী পৰিষদৰ সৈতে জড়িত একাংশ ব্যক্তিয়ে পদত্যাগ কৰিছে আৰু সেই সন্দৰ্ভত পদত্যাগ-পত্ৰও সংগ্ৰহ কৰা হৈছে।
তেওঁ স্পষ্ট কৰে যে টাই আহোমৰ বিভিন্ন সন্মিলন আৰু পণ্ডিত পৰিষদ কোনো আইন বা ন্যায়ালয় নহয়। সেয়ে কোনো পক্ষক দোষী সাব্যস্ত কৰাৰ পৰিৱৰ্তে বিষয়টোৰ সকলো তথ্য সংগ্ৰহ কৰি তদন্তৰ ভিত্তিত আগবঢ়াৰ প্ৰয়োজন।
শেষত হেমজিত দেওধাই ফুকনে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা বিষয়টো সন্দৰ্ভত তদন্তৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। কোনে জাতিৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, সেই কথা পোহৰলৈ অহা উচিত বুলি মন্তব্য কৰি তেওঁ টাই আহোম সমাজৰ সকলো পক্ষকে ঐক্যবদ্ধ হৈ থকাৰ আহ্বান জনায়।
মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণৰ দিয়ক, দাবী হেমজিত দেওধাই ফুকনৰ
মুখ্যমন্ত্ৰীৰ নামত প্ৰকাশিত বাতৰিক লৈ স্পষ্টীকৰণৰ দাবী হেমজিত দেউধাই ফুকনৰ, ‘টাই আহোম জাতি ভঙাৰ পক্ষত আমি নাই’
খবৰটো উপযোগী হ'লে আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক।
📱 ছবিৰে চাওক (ৱেব ষ্ট'ৰী)ভুল দেখিছে? আমাক জনাওক।