ইম্ফল, ১৯ নৱেম্বৰ: মণিপুৰ আৰক্ষীয়ে পৃথক অভিযান চলাই নিষিদ্ধ উগ্ৰপন্থী সংগঠন কাংলেই য়াওল কান্না লুপ আৰু কাংলেইপাক কমিউনিষ্ট পাৰ্টিৰ সৈতে জড়িত থকাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। ১৮ নৱেম্বৰত ইম্ফল পশ্চিম আৰু ইম্ফল পূব জিলাত এই অভিযান চলোৱা হয়।
খাবেিছোইৰ বিশেষ চিডিঅ' ইউনিটৰ এটা দলে ইম্ফল পশ্চিম জিলাৰ পৰা কাংলেই য়াওল কান্না লুপৰ দুজন সন্দেহযুক্ত সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে। ধৃত দুজন হৈছে হেইনৌপোক ইমা য়ুমজাও লেইৰেম্বিৰ বাসিন্দা ৪০ বছৰীয়া খাৰিবাম জোতিন সিং ওৰফে টাংবা আৰু চাজিং কাৰাম মাখা লেইকাইৰ বাসিন্দা ৩৭ বছৰীয়া লাইশ্ৰাম আনন্দ মেইটেই ওৰফে ছানা।
আনহাতে, বিষ্ণুপুৰ চিডিঅ'ৰ এটা দলে ইম্ফল পূব জিলাৰ মিনুথং হাফিজ হাট্টাৰ পৰা কাংলেইপাক কমিউনিষ্ট পাৰ্টিৰ সৈতে জড়িত থকাৰ অভিযোগত ৪৪ বছৰীয়া আব্দুল ছাফি আনছাৰি ওৰফে মটৰক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ অভিযোগ অনুসৰি, তেওঁ অঞ্চলটোত ধন দাবীৰ কাৰ্যকলাপৰ সৈতে জড়িত আছিল।
ইফালে, ১৭ নৱেম্বৰত থৌবাল চিডিঅ' আৰু য়াইৰিপোক আৰক্ষী থানাৰ যুটীয়া দলে য়াইৰিপোক ফৌডেনত বাহন পৰীক্ষা চলোৱাৰ সময়ত প্ৰায় ২.১০৭ কিলোগ্ৰাম সন্দেহযুক্ত ব্ৰাউন ছুগাৰ জব্দ কৰে। নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত বাহন পৰীক্ষা চলি থকাৰ সময়ত এখন ই-ৰিক্সা ৰখাই চালকজনে ওচৰৰ আৱাসিক অঞ্চলৰ দিশে পলায়ন কৰে বুলি আৰক্ষীয়ে জনায়।
পাছত ই-ৰিক্সাখনত তালাচী চলাই সন্দেহযুক্ত নিচাজাতীয় সামগ্ৰীখিনি উদ্ধাৰ কৰা হয়। জব্দ কৰা সামগ্ৰী আৰু ই-ৰিক্সাখন অধিক তদন্তৰ বাবে য়াইৰিপোক আৰক্ষী থানাত গতাই দিয়া হৈছে। পলাতক চালকজনক চিনাক্ত কৰি গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।