লক্ষ্ণৌ, ১৭ নৱেম্বৰ: উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ভোটাৰ তালিকাৰ পৰা ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম বাদ পৰাৰ দাবী কৰাৰ পিছতে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া নবদীপ ৰিনৱাই স্পষ্টীকৰণ দিছে।

নবদীপ ৰিনৱাইয়ে কয় যে, নিৰ্বাচন বিভাগে ভোটাৰৰ ধৰ্ম বা জাতিৰ ভিত্তিত কোনো তথ্য সংৰক্ষণ নকৰে। ভোটাৰ তালিকাত কেৱল ভোটাৰৰ নাম, পিতৃ বা স্বামীৰ নাম, বয়স, ঘৰৰ নম্বৰ আৰু লিংগৰ দৰে তথ্যহে অন্তৰ্ভুক্ত থাকে। বিভাগটোৰ তথ্যভাণ্ডাৰত ধৰ্ম আৰু জাতিৰ কোনো শিতান নাই বুলিও তেওঁ জনায়।

যোগী আদিত্যনাথে অভিযোগ কৰিছিল যে বিশেষ সংশোধন প্ৰক্ৰিয়াৰ পিছত পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাত থকা প্ৰায় ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম ভাৰতীয় নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকাত বিচাৰি পোৱা হোৱা নাই। চৰকাৰী কল্যাণমূলক আঁচনিৰ প্ৰায় ৫৫ লাখ হিন্দু হিতাধিকাৰী আৰু ১৮-১৯ বছৰ বয়সৰ প্ৰায় ৪.৫ লাখ ভোটাৰৰ নামো তালিকাত নথকাৰ দাবী কৰিছিল তেওঁ।

এই পাৰ্থক্য সন্দৰ্ভত ৰাজ্য চৰকাৰে নিৰ্বাচন আয়োগৰ ওচৰত স্মাৰক-পত্ৰ দাখিল কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। নিৰ্বাচন আয়োগ এখন স্বতন্ত্ৰ সাংবিধানিক প্ৰতিষ্ঠান বুলি স্বীকাৰ কৰিও তেওঁ ভোটাৰ তালিকাৰ বিসংগতিৰ বিষয়টো উত্থাপন কৰে।

ভোটাৰ তালিকা ৰাজহুৱা নথি হোৱাৰ বাবে সংবাদ মাধ্যম আৰু স্বতন্ত্ৰ বিশ্লেষকসকলে নাম বা অন্যান্য উপলব্ধ তথ্যৰ ভিত্তিত নিজাকৈ বিশ্লেষণ কৰিব পাৰে। কিন্তু এনে বিশ্লেষণক নিৰ্বাচন বিভাগৰ চৰকাৰী তথ্য বা সিদ্ধান্ত হিচাপে গণ্য কৰিব নোৱাৰি বুলি নবদীপ ৰিনৱাইয়ে কয়।

২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰকাশিত খচৰা ভোটাৰ তালিকাত মুঠ ১৩,৫৮,৬৮,৯০৫গৰাকী ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ভিতৰত ৭,৩৮,৫৮,৫১০গৰাকী পুৰুষ, ৬,২০,০৬,৩৫৩গৰাকী মহিলা আৰু ৪,০৪২গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। ১৮-১৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা ১১,৮৩,৩৫২গৰাকী।

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীৰ মতে, এপ্ৰিল মাহত বিশেষ সংশোধন প্ৰক্ৰিয়াৰ পিছত প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকাৰ তুলনাত নতুন খচৰা তালিকাত ১৮,৮৪,১১৩গৰাকী ভোটাৰ বৃদ্ধি পাইছে।

খচৰা ভোটাৰ তালিকাক লৈ দাবী আৰু আপত্তি দাখিলৰ সময়সীমা ১৭ নৱেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈ নিৰ্ধাৰণ কৰা হৈছে। নতুন নাম অন্তৰ্ভুক্তি, নাম কৰ্তন আৰু তথ্য সংশোধনৰ বাবে ভোটাৰসকলে ক্ৰমে ফৰ্ম ৬, ফৰ্ম ৭ আৰু ফৰ্ম ৮ ব্যৱহাৰ কৰিব পাৰিব। ২৮ ডিচেম্বৰৰ ভিতৰত দাবী-আপত্তিসমূহ নিষ্পত্তি কৰাৰ পিছত ২০২৭ চনৰ ৪ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ভোটাৰসকলৰ সুবিধাৰ্থে ১,৭৩,৭৩০টা ভোটকেন্দ্ৰত ২১, ২২, ২৮ আৰু ২৯ নৱেম্বৰত বিশেষ শিবিৰৰ আয়োজন কৰা হ'ব।