নতুন দিল্লী, ১৯ নৱেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম কেবিনেটৰ বৈঠকত মৰাণ আৰু মটক স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, নতুন পৌৰসভা গঠন, ভূমি আৱণ্টন আৰু মিছন বসুন্ধৰা সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি, আগন্তুক ডিচেম্বৰ মাহৰ ভিতৰতে মৰাণ আৰু মটক স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব।
ছখন নতুন পৌৰসভা
লখিমপুৰ জিলাৰ ঘিলামৰা, লালুক আৰু হাৰমতীত তিনিখন নতুন পৌৰসভা গঠন কৰা হ'ব। মাজুলীতো এখন নতুন পৌৰসভা গঠনৰ সিদ্ধান্ত লোৱা হৈছে।
ইয়াৰ উপৰি কাছাৰ জিলাৰ উদাৰবন্দ আৰু কামৰূপ জিলাৰ মিৰ্জা-বিজয়নগৰতো নতুন পৌৰসভা গঠন কৰা হ'ব।
মিছন বসুন্ধৰাৰ নতুন ব্যৱস্থা
মিছন বসুন্ধৰাৰ অধীনত নগৰ অঞ্চলৰ পৰিসীমা এক কিলোমিটাৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। নগৰৰ পৰিসীমাৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা অঞ্চলসমূহক নগৰীয়া হিচাপে গণ্য কৰা হ'ব।
টাউন কমিটীৰ মাষ্টাৰপ্লেনত অন্তৰ্ভুক্ত হোৱাৰ ভিত্তিত সমগ্ৰ অঞ্চলক নগৰীয়া বুলি গণ্য কৰা নহ'ব। নগৰীয়া মাষ্টাৰপ্লেনৰ অন্তৰ্ভুক্ত অংশৰ বাহিৰৰ এলেকাসমূহক গাঁও হিচাপে গণ্য কৰা হ'ব। অৱশ্যে কামৰূপ আৰু কামৰূপ (মহানগৰ) জিলাত এই সিদ্ধান্ত প্ৰযোজ্য নহ'ব।
বৈঠকত গোঁসাইগাঁও কৃষি গৱেষণা কেন্দ্ৰৰ বাবে ভূমি আৱণ্টনৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়। লগতে মিছা অঞ্চলত সেনাবাহিনীৰ বাবে ৭৫ বিঘা ভূমি আৱণ্টনৰ প্ৰস্তাৱত কেবিনেটে অনুমোদন জনায়।