তৈলনগৰী ডিগবৈ চহৰলৈ প্ৰৱেশৰ পূৰ্বে আদৰণি গেটৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বিগত কিছুদিন ধৰি বিপদসংকুল অৱস্থাত বিচৰণ কৰি থকা চাৰিটা ঘোঁৰা গুৰুতৰভাৱে আহত হোৱা ঘটনাই অঞ্চলটোত উদ্বেগৰ সৃষ্টি কৰিছে। ঘোঁৰাকেইটাৰ শৰীৰত চোকা দা জাতীয় অস্ত্ৰৰে আঘাত কৰাৰ দৰে চিহ্ন স্পষ্টকৈ পৰিলক্ষিত হৈছে।
ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি অসম চৰকাৰৰ মুখ্য বন সংৰক্ষকে ডিগবৈ বন সংমণ্ডলৰ বন প্ৰাধিকাৰীক জৰুৰী নিৰ্দেশ প্ৰেৰণ কৰি আহত ঘোঁৰাকেইটাক যাৱতীয় চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।
এই নিৰ্দেশৰ পাছতে ডিগবৈ বনাঞ্চলিক বিষয়া মানস প্ৰতীম বৰাৰ নেতৃত্বত বনকৰ্মীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। দলটোৰ সৈতে পশু চিকিৎসক ডাঃ ৰাজশ্ৰী পুৰকায়স্থ, নাৰায়ণ ছেত্ৰী, হিৰণ্য বৰা আৰু বিন্তু দত্তই আহত ঘোঁৰাকেইটাক চিকিৎসা সেৱা আগবঢ়ায়।
বনাঞ্চলিক বিষয়া মানস প্ৰতীম বৰাই জানিবলৈ দিয়া অনুসৰি, বৰ্তমান ঘোঁৰাকেইটা সুস্থ অৱস্থাত আছে। প্ৰয়োজন সাপেক্ষে পুনৰ চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।
আহত ঘোঁৰাকেইটাক তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্থানীয় সচেতন লোকসকলে বন বিভাগক ধন্যবাদ জ্ঞাপন কৰিছে।