অসমৰ অস্থায়ী বনকৰ্মীসকলৰ সুৰক্ষাৰ বাবে এক বিশেষ দুৰ্ঘটনা বীমা আঁচনি ঘোষণা কৰা হৈছে। কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনা, বন্যপ্ৰাণীৰ আক্ৰমণ বা আন কোনো বিপদৰ সন্মুখীন হ’লে অস্থায়ী বনকৰ্মীসকলে এই ব্যক্তিগত দুৰ্ঘটনা বীমাৰ সুবিধা লাভ কৰিব। প্ৰিন্স উইলিয়ামৰ নেতৃত্বাধীন ‘ইউনাইটেড ফৰ ৱাইল্ডলাইফ’ৰ এক আন্তঃৰাষ্ট্ৰীয় উদ্যোগৰ অধীনত এই আঁচনি গ্ৰহণ কৰা হৈছে।

২১ নৱেম্বৰত ঘোষিত এই পাঁচ বছৰীয়া কাৰ্যসূচীখন ২০২৬ চনৰ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। এই আঁচনিয়ে অসমৰ উপৰি মধ্যপ্ৰদেশ, কৰ্ণাটক, উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, কেৰালা আৰু ৰাজস্থানৰ মুঠ ১০ হাজাৰ বনকৰ্মীক সামৰি ল’ব। কাজিৰঙা, মানাহ, ওৰাং আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানকে ধৰি ৰাজ্যৰ বিভিন্ন বনাঞ্চলত নিয়োজিত বনকৰ্মীসকলে চোৰাং চিকাৰ প্ৰতিৰোধ, বন্যপ্ৰাণী সংৰক্ষণ আৰু মানুহ-বন্যপ্ৰাণীৰ সংঘাত ৰোধত অহৰহ সেৱা আগবঢ়াই আহিছে। দৈনিক মজুৰিৰ ভিত্তিত কৰ্মৰত এই অস্থায়ী বনকৰ্মীসকল এতিয়ালৈকে চৰকাৰী বীমাৰ আওতাত নাছিল। যাৰ ফলত কৰ্তব্যৰত অৱস্থাত গুৰুতৰ আঘাত বা মৃত্যু হ’লে তেওঁলোকৰ পৰিয়ালে তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছিল।

এই নতুন বীমা আঁচনিৰ অধীনত কৰ্মৰত অৱস্থাৰ উপৰি কৰ্তব্যৰ বাহিৰৰ সময়তো ২৪ ঘণ্টাই সুৰক্ষা প্ৰদান কৰা হ’ব। বন্যপ্ৰাণীৰ আক্ৰমণ, সাপৰ কামোৰ, পানীত ডুবি মৃত্যু, বানপানী, ভূমিস্খলন, বিদ্যুৎস্পৃষ্ট হোৱা, অগ্নিদগ্ধ হোৱা, যাতায়াতৰ দুৰ্ঘটনা আৰু কৰ্তব্যৰ সৈতে জড়িত আক্ৰমণৰ ফলত হোৱা মৃত্যু বা গুৰুতৰ আঘাতৰ বিপৰীতে এই বীমাৰ সুবিধা উপলব্ধ হ’ব।

কে এম দস্তুৰ এণ্ড কোম্পানীয়ে এই আঁচনিৰ পৰিকল্পনা যুগুত কৰিছে। ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু ডব্লিউডব্লিউএফ-ইণ্ডিয়াই ভেলু আৰ্থ কনজাৰ্ভেচনৰ সহযোগত আঁচনিখন ৰূপায়ণ কৰিব। ভাৰতত সমগ্ৰ উদ্যোগটোৰ সমন্বয়ৰ দায়িত্বত থাকিব ইন্টাৰনেচনেল বিগ কেট এলায়েন্স। আঁচনিখন প্ৰস্তুত কৰাত ইন্টাৰনেচনেল ৰেঞ্জাৰ ফেডাৰেচনেও সহযোগিতা আগবঢ়াইছে।

এই কাৰ্যসূচীত ৰেঞ্জ ফৰেষ্ট অফিচাৰ, ডেপুটি ৰেঞ্জাৰ, ফৰেষ্টাৰ, ফৰেষ্ট গাৰ্ডৰ লগতে অস্থায়ী বনকৰ্মীসকলকো ‘ৰেঞ্জাৰ’ হিচাপে গণ্য কৰি বীমাৰ আওতাত অন্তৰ্ভুক্ত কৰা হৈছে। ২০২৪ চনত আফ্ৰিকাত আৰম্ভ হোৱা অনুৰূপ এক কাৰ্যসূচীয়ে ইতিমধ্যে ৭ হাজাৰৰো অধিক বনকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক কল্যাণমূলক সুৰক্ষা প্ৰদান কৰিছে।