সামাজিক মাধ্যমত যুৱ কংগ্ৰেছৰ পৃষ্ঠা বন্ধ কৰি ৰখা আৰু একাধিক পোষ্ট আঁতৰোৱাৰ অভিযোগক কেন্দ্ৰ কৰি Meta-ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে Indian Youth Congress-এ। হায়দৰাবাদৰ লগতে মুম্বাই আৰু গুৰুগ্ৰামতো সংগঠনটোৰ কৰ্মীসকলে প্ৰতিবাদ কৰে। হায়দৰাবাদত আৰক্ষীয়ে প্ৰায় ২০গৰাকী কৰ্মীক সাৱধানতামূলকভাৱে আটক কৰে। প্ৰায় তিনি ঘণ্টাৰ পাছত তেওঁলোকক মুকলি কৰি দিয়া হয়।

শুকুৰবাৰে হায়দৰাবাদৰ মাধাপুৰস্থিত Meta-ৰ কাৰ্যালয়ত সংঘটিত হয় এই প্ৰতিবাদ। যুৱ কংগ্ৰেছৰ কৰ্মীসকলৰ অভিযোগ, Meta-ই তেওঁলোকৰ সামাজিক মাধ্যমৰ পৃষ্ঠা বন্ধ কৰি ৰাখিছে আৰু বহুতো পোষ্ট আঁতৰাই দিছে। এই বিষয়ত কোম্পানীটোৰ ওচৰত স্মাৰক-পত্ৰ দাখিল কৰিবলৈ কাৰ্যালয়লৈ গৈছিল প্ৰতিবাদকাৰীসকল।

তেলেংগানা যুৱ কংগ্ৰেছৰ সভাপতি শিৱ চৰণে কয় যে তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ গৈছিল যদিও কাৰ্যালয়ৰ মূল ভৱনত প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাছিল। Meta-ই RSS আৰু BJP-ৰ পক্ষ লৈ কংগ্ৰেছৰ সামাজিক মাধ্যমৰ বিষয়বস্তুৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰা বুলিও তেওঁ অভিযোগ কৰে।

প্ৰতিবাদৰ সময়ৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে। ভিডিঅ’ত কৰ্মীসকলক হাতত প্লেকাৰ্ড লৈ কাৰ্যালয় চৌহদত শ্ল’গান দি ঘূৰি ফুৰা দেখা গৈছে। আন এটা দৃশ্যত এজন প্ৰতিবাদকাৰীয়ে কাৰ্যালয়ৰ বাহিৰত এটা ফুলৰ টাব মাটিত দলিয়াই ভঙা দেখা যায়। আন এক ভিডিঅ’ত কাৰ্যালয়ৰ কেফেটেৰিয়াৰ কাষতো প্ৰতিবাদকাৰীসকলে শ্ল’গান দিয়া দেখা গৈছে।

আৰক্ষীৰ মতে, প্ৰতিবাদকাৰীসকলে কাৰ্যালয় চৌহদত প্ৰৱেশ কৰিছিল যদিও Meta-ৰ মূল ভৱনলৈ যাব পৰা নাছিল। ফুলৰ টাব ভঙাৰ ঘটনাটো কাৰ্যালয়ৰ বাহিৰত সংঘটিত হৈছিল। Meta-ৰ বিষয়ববীয়াসকলে কোনো আনুষ্ঠানিক অভিযোগ দাখিল নকৰাত ঘটনাটোক লৈ গোচৰ ৰুজু কৰা হোৱা নাই।

ইফালে, Indian Youth Congress-এ সামাজিক মাধ্যমত প্ৰকাশ কৰা পোষ্টত দেশৰ বিভিন্ন প্ৰান্তত Meta-ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ অব্যাহত ৰখাৰ কথা ঘোষণা কৰে। সংগঠনটোৱে সকলো একাউণ্টৰ ওপৰত থকা বাধা সাত দিনৰ ভিতৰত আঁতৰাবলৈও দাবী জনায়।

আনহাতে, মুম্বাই আৰু গুৰুগ্ৰামতো একেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। মুম্বাইত প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰতিমূৰ্তি দাহ কৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

প্ৰতিবাদৰ পাছত Indian Youth Congress-এ দাবী কৰে যে সংগঠনটোৰ সভাপতি আৰু ইনচাৰ্জৰ Instagram একাউণ্ট পুনৰ সক্ৰিয় কৰা হৈছে। অৱশ্যে Meta-ৰ তৰফৰ পৰা এই অভিযোগসমূহৰ সন্দৰ্ভত কোনো বক্তব্য প্ৰকাশ পোৱা নাই।