অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দুই সন্তান নীতিক লৈ প্ৰশ্ন উত্থাপন কৰি বিতৰ্কিত মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। ছয় দশক পূৰ্বে অসমত দুই সন্তান নীতি প্ৰযোজ্য হৈ থকা হ'লে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মই নহ'লহেঁতেন বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে।
শনিবাৰে ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা (এনএছইউআই)-ৰ উদ্যোগত নৱনিৰ্বাচিত মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধিসকলৰ বাবে আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত ভাষণ দি সাংসদগৰাকীয়ে এই মন্তব্য কৰে।
দুই সন্তানতকৈ অধিক সন্তান থকা ব্যক্তিয়ে পঞ্চায়ত নিৰ্বাচনত সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিয়াৰ বিষয়টো উত্থাপন কৰি ৰকিবুল হুছেইনে কয় যে বিধায়ক আৰু সাংসদসকলৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়।
“মোৰ আঠটা সন্তান থাকিলেও মই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম।”
এইদৰে মন্তব্য কৰি সাংসদগৰাকীয়ে কিয় কেৱল তেওঁলোকৰ দলক লক্ষ্য কৰি লোৱা হৈছে বুলি প্ৰশ্ন তোলে।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীক ব্যক্তিগতভাৱে কটাক্ষ কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে কেইজনমান লোকৰ পৰা তেওঁ শুনিবলৈ পাইছে যে হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ চতুৰ্থ বা পঞ্চম সন্তান আছিল। অৱশ্যে এই তথ্য সন্দৰ্ভত তেওঁ নিজে নিশ্চিত নহয় বুলিও স্পষ্ট কৰে। সেই কথাৰ ভিত্তিতেই ৬০ বছৰ পূৰ্বে দুই সন্তানৰ নিয়ম প্ৰযোজ্য থকা হ'লে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মই নহ'লহেঁতেন বুলি তেওঁ মন্তব্য কৰে।
উক্ত অনুষ্ঠানত নৱনিৰ্বাচিত ছাত্ৰ প্ৰতিনিধিসকলক বৃহত্তৰ ৰাজনৈতিক লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায় ৰকিবুল হুছেইনে। এনএছইউআইৰ জৰিয়তে ৰাজনীতিত আত্মপ্ৰকাশ কৰি ভৱিষ্যতে বিধায়ক, মন্ত্ৰী আৰু সাংসদ হোৱাৰ লক্ষ্য ল'বলৈ তেওঁ ছাত্ৰ নেতাসকলক পৰামৰ্শ দিয়ে।