শিলচৰ, ২১ নৱেম্বৰ: অসমৰ কৃষকৰ বাবে আবণ্টিত বৃহৎ পৰিমাণৰ ৰাজসাহায্যপ্ৰাপ্ত সাৰ ৰাজ্যৰ বাহিৰলৈ সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়তে কাছাৰ আৰক্ষীয়ে জব্দ কৰে। শনিবাৰে কাছাৰ জিলাত চলোৱা এক অভিযানত আৰক্ষীয়ে প্ৰায় ২২ মেট্ৰিক টন সাৰ জব্দ কৰিবলৈ সক্ষম হয়।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত জব্দ কৰা সাৰৰ এটা ভিডিঅ' প্ৰকাশ কৰি এই কথা সদৰী কৰে। অসমৰ পৰা আন স্থানলৈ সাৰ সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়তে কাছাৰ আৰক্ষীয়ে এই অভিযান চলায় বুলি তেওঁ জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, জব্দ কৰা সাৰৰ প্ৰতিটো বস্তাই ৰাজ্যৰ কৃষকসকলৰ বাবে আবণ্টিত আছিল। কৃষকৰ বাবে ৰাজসাহায্যত যোগান ধৰা এনে সাৰ যদি কোনো লোকে মুকলি বজাৰলৈ বা অন্য ঠাইলৈ সৰবৰাহৰ অপচেষ্টা চলায়, তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে।
ৰাজসাহায্যপ্ৰাপ্ত সাৰৰ অবৈধ কাৰবাৰ চলোৱা লোকসকলৰ ওপৰত চোকা নজৰ ৰখাৰ বাবে মুখ্যমন্ত্ৰীয়ে কাছাৰ আৰক্ষীৰ শলাগ লয়।
অৱশ্যে এই ঘটনাৰ সৈতে জড়িত কোনো ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নে নাই, সেই কথা স্পষ্ট কৰা হোৱা নাই। লগতে উক্ত সাৰখিনি ঠিক কোনখন ৰাজ্য বা ঠাইলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল, সেই সন্দৰ্ভতো এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।
ৰাজ্যৰ কৃষকৰ বাবে নিৰ্ধাৰিত সাৰৰ যাতে কোনো ধৰণৰ অপব্যৱহাৰ নহয়, সেই দিশৰ পৰা আৰক্ষীৰ এই পদক্ষেপক বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।