কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হোৱা দেৱ গোৱালা নামৰ ডেৰ বছৰীয়া এটি শিশুৰ ভৰিৰ আঘাত চিনাক্ত নকৰাকৈয়ে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ এক অভিযোগ উত্থাপন হৈছে। বোকাখাতৰ চিকিৎসালয়ৰ পৰা শিশুটিক সুস্থিৰ বুলি পৰিয়ালক গতাই দিয়া হৈছিল যদিও পিছত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰীক্ষা কৰাৰ অন্তত শিশুটিৰ ভৰিত গুৰুতৰ আঘাত ধৰা পৰে।
যোৱা ১৩ নৱেম্বৰত কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাটোত ২৬ জন লোকৰ মৃত্যু হৈছিল। উক্ত দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ পৰা ডেৰ বছৰীয়া দেৱক উদ্ধাৰ কৰা হৈছিল। প্ৰথম অৱস্থাত শিশুটিৰ পিতৃ-মাতৃৰ পৰিচয় লাভ কৰিব নোৱাৰাত শিশুটিক বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ তত্ত্বাৱধানত তিনিদিন ধৰি ৰখা হৈছিল শিশুটিক।
পৰৱৰ্তী সময়ত পৰিয়ালৰ সন্ধান পোৱা যায়। দেৱৰ পিতৃ আৰু মাতৃ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকাৰ সময়তে বোকাখাতৰ চিকিৎসালয়খনৰ পৰা শিশুটিক সুস্থিৰ বুলি আত্মীয়ৰ হাতত গতাই দিয়া হয়।
কিন্তু আইতাকৰ ঘৰলৈ নিয়াৰ পিছত শিশুটিয়ে খোজ কাঢ়িবলৈ যাওঁতে তীব্ৰ অসুবিধা পায়। ইয়াৰ পিছতে শুকুৰবাৰে জেঠায়েক আৰু আত্মীয়ই দেৱক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায়। তাত চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত শিশুটিৰ বাওঁ ভৰিত গুৰুতৰ আঘাত ধৰা পৰে আৰু ভৰিখনত প্লাষ্টাৰ কৰা হয়।
বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে শিশুটি। আনহাতে, দুৰ্ঘটনাত আহত দেৱৰ মাতৃ নিকিতা গোৱালাৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ যদিও পিতৃ ৰাহুল গোৱালাৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই। গুৰুতৰভাৱে আহত এটি শিশুৰ আঘাত চিনাক্ত নকৰাকৈয়ে ঘৰলৈ যাবলৈ দিয়া কাৰ্যই বোকাখাতৰ চিকিৎসালয়খনৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত প্ৰশ্নৰ সৃষ্টি কৰিছে।