উত্তৰবঙ্গৰ শিলিগুড়ি চহৰত ফেডাৰেচন অৱ ফিল্ম ছচাইটি অৱ ইণ্ডিয়াৰ সহযোগত শিলিগুড়ি চিনে ছচাইটিৰ উদ্যোগত ২৩ৰ পৰা ২৭ নৱেম্বৰলৈকে আয়োজিত ত্ৰয়োদশ শিলিগুড়ি চুটি ছবি ফেষ্টিভেললৈ আমন্ত্ৰণ লাভ কৰিছে ডিগবৈৰ বিশিষ্ট সমাজকৰ্মী গোপাল চন্দ্ৰ দাসে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বহুকেইগৰাকী গণ্য মান্য বিশিষ্ট ব্যক্তি, দেশ বিদেশৰ নিৰ্ণায়ক মণ্ডলী( জুৰী), প্ৰযোজক, পৰিচালকৰ উপস্থিতিত বহু কেইখন চুটিছবি আৰু ডকুমেন্টৰী উক্ত ফেচষ্টিভেলত প্ৰদৰ্শিত হব। উক্ত কাৰ্যসূচীত পাঁচখন অসমীয়া চুটিছবি ক্ৰমে The oldman's Ode, Marfat, Wrong Number, Where did our river, Martya আৰু ডকুমেন্টৰী প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। শিলিগুড়ি চিনে ছচাইটিৰ আজীৱন সভ্য তথা পৰামৰ্শ দাতা সমিতিৰ সদস্য, কেন্দ্ৰীয় শুল্ক আৰু আবকাৰী বিভাগৰ অৱসৰী সহকাৰী আয়ুক্ত, সমাজকৰ্মী গোপাল চন্দ্ৰ দাসক শিলিগুড়িত অনুষ্ঠিত হবলগীয়া চুটিছবি মহোৎসৱলৈ বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ জনোৱাৰ বাবে ডিগবৈৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শুভেচ্ছা জনাইছে। উল্লেখ্য যে গোপাল চন্দ্ৰ দাসে বিগত বহু বছৰ ধৰি দৰিদ্ৰ মেধাৱী ছাত্র ছাত্ৰীক অনিতা দাস মেম'ৰিয়েল ফাউণ্ডেছনৰ জড়িয়তে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰি স্থানীয় ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।