গুৱাহাটী: ৰাজ্যৰ বিদ্যালয়সমূহত অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱ ২০২৭ৰ সময়সূচী সলনি কৰিছে ৰাজ্য চৰকাৰে। পূৰ্বনিৰ্ধাৰিত ১৯ জানুৱাৰীৰ পৰিৱৰ্তে এতিয়া ৬ জানুৱাৰীৰ পৰা গুণোৎসৱৰ সপ্তম পৰ্যায়ৰ মূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ হ’ব। আগন্তুক লোকপিয়লৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ দুটা পৰ্যায়ত এই মূল্যায়ন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
সমগ্ৰ শিক্ষা, অসমে জাৰি কৰা সংশোধিত কাৰ্যসূচী অনুসৰি প্ৰথম পৰ্যায়ত ৰাজ্যৰ ২০খন জিলাত ৬ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ গুণোৎসৱ অনুষ্ঠিত হ’ব। ইয়াৰে ৬ জানুৱাৰীত বিদ্যালয়সমূহত স্ব-মূল্যায়ন সম্পন্ন কৰা হ’ব আৰু ৭ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ বাহ্যিক মূল্যায়ন অনুষ্ঠিত হ’ব।
প্ৰথম পৰ্যায়ত অন্তৰ্ভুক্ত জিলাকেইখন হৈছে— বৰপেটা, বজালী, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ মহানগৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং।
আনহাতে, দ্বিতীয় পৰ্যায়ত ১৫খন জিলাত ১৯ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ গুণোৎসৱ অনুষ্ঠিত কৰা হ’ব। এই পৰ্যায়ত ১৯ জানুৱাৰীত স্ব-মূল্যায়ন আৰু ২০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ বাহ্যিক মূল্যায়ন সম্পন্ন হ’ব।
দ্বিতীয় পৰ্যায়ত অন্তৰ্ভুক্ত জিলাকেইখন হৈছে— বাক্সা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, ডিমা হাছাও, হাইলাকান্দি, হোজাই, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, নগাঁও, দক্ষিণ শালমাৰা-মানকাচৰ, শ্ৰীভূমি, তামুলপুৰ আৰু ওদালগুৰি।
সমগ্ৰ শিক্ষা, অসমৰ কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে ২১ নৱেম্বৰত এই সংশোধিত সময়সূচী জাৰি কৰে। জাননীখনত উল্লেখ কৰা অনুসৰি, বজালী জিলাৰ গুণোৎসৱৰ দায়িত্ব বৰপেটা জিলা আৰু তামুলপুৰ জিলাৰ দায়িত্ব বাক্সা জিলাই পালন কৰিব। গুণোৎসৱৰ সপ্তম পৰ্যায়ৰ এই কাৰ্যসূচীৰ বাবে ইতিমধ্যে জিলা বিষয়াসকললৈ যাৱতীয় নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে।