নতুন দিল্লী: অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (এল এ চি) উত্তেজনা হ্ৰাস কৰা আৰু সীমান্তত মোতায়েন সৈন্যসকলৰ মাজত সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে ভাৰত আৰু চীনে দ্বিতীয় পৰ্যায়ৰ ক'ৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা সম্পন্ন। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, যোৱা ৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই গোপনীয় আলোচনা প্ৰায় ১০ দিন ধৰি চলে। এই আলোচনা সৌহাৰ্দ্যপূৰ্ণ আছিল যদিও বৈঠকত সন্মত হোৱা ব্যৱস্থাসমূহ শীতকাল সম্পূৰ্ণৰূপে আৰম্ভ হোৱাৰ পূৰ্বে কাৰ্যকৰী হ'ব নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে ভাৰতীয় সেনাৰ ৩ নং ক'ৰ্পছ চমুকৈ 'স্পিয়াৰ ক'ৰ্পছ'ৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল গিৰীশ কালিয়াই। এই বৈঠকত চীনা প্ৰতিপক্ষ আৰু অন্যান্য সেনা বিষয়াৰ লগতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এজন বিষয়ায়ো অংশগ্ৰহণ কৰে।

এই আলোচনাৰ মূল লক্ষ্য আছিল দুয়োপক্ষৰ মাজত যোগাযোগৰ নীতি-নিয়ম প্ৰস্তুত কৰা, সীমান্তত নিয়োজিত সৈন্যসকলৰ মাজত মুখামুখি সংঘাত আৰু ভুল বুজাবুজি ৰোধ কৰা, মুক্ত যোগাযোগ ব্যৱস্থা বাহাল ৰখা আৰু পূব খণ্ডত উত্তেজনা হ্ৰাস কৰা। বৰ্তমান এই অঞ্চলত দুয়োখন দেশেই বৃহৎসংখ্যক সেনা মোতায়েন কৰি ৰাখিছে।

অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত শীতকালত প্ৰচণ্ড ঠাণ্ডাৰ বাবে সেনাৰ ৰচদ যোগান, যাতায়াত আৰু সীমান্তত তিষ্ঠি থকাৰ ক্ষেত্ৰত গভীৰ সমস্যাৰ সৃষ্টি হয়। সেয়েহে এনে সময়ত এই আলোচনা যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। তাপমাত্ৰা দ্ৰুতগতিত হ্ৰাস পোৱাৰ লগে লগে সীমান্তৰ দুৰ্গম এলেকালৈ যাতায়াত কঠিন হৈ পৰাৰ পূৰ্বে এই ব্যৱস্থাসমূহ কাৰ্যকৰী নকৰিলে পৰিস্থিতি জটিল হৈ পৰাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে যোৱা ৬ আৰু ৭ ছেপ্টেম্বৰত কিবিথু খণ্ডৰ ভাৰতৰ পূব সীমান্তৰ ৱাচা-ডামাই বৰ্ডাৰ পাৰ্চনেল মিটিং পইণ্টত প্ৰথম পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল। ভাৰতৰ পূব সীমান্তৰ শেষ বৈঠকস্থলী হিচাপে পৰিচিত এই স্থানত অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰি জিলাৰ টাকছিং অঞ্চলত দুয়ো দেশৰ সেনা মুখামুখি হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে প্ৰথমখন বৈঠক আহ্বান কৰা হৈছিল।

নতুন দিল্লী আৰু বেইজিঙৰ মাজত কূটনৈতিক সম্পৰ্ক স্বাভাৱিক কৰাৰ প্ৰচেষ্টাৰ মাজতে এই সামৰিক আলোচনা অনুষ্ঠিত হৈছে। যোৱা আগষ্ট মাহত সীমান্ত আলোচনাৰ বিশেষ প্ৰতিনিধি হিচাপে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ মাজত বেইজিঙত বৈঠক অনুষ্ঠিত হৈছিল। তদুপৰি যোৱা অক্টোবৰ মাহত ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ (আইটিবিপি) সঞ্চালক প্ৰধান শত্ৰুজিত কাপুৰে অৱসৰৰ কিছুদিন পূৰ্বে ৰাজ্যখনৰ একাধিক স্থানত দুয়ো পক্ষৰ সেনাৰ মুখামুখি সংঘাত হোৱাৰ কথা প্ৰকাশ কৰিছিল।