গুৱাহাটী, ২৩ নৱেম্বৰ: গুৱাহাটীৰ নাৰেংগী ৰে’ল ষ্টেচনৰ সমীপৰ ৰে’লপথত নগদ প্ৰায় ২৫ লাখ টকাসহ উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয় অৱশেষত আৰক্ষীয়ে চিনাক্ত কৰিছে। মৃত ব্যক্তিগৰাকী বিশ্বজিৎ দেৱনাথ বুলি জানিব পৰা গৈছে।

শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত স্থানীয় ৰাইজে ৰে’লপথত মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে ৰে’ল আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ সময়ত ব্যক্তিগৰাকীৰ ওচৰত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে। পাছত গণনা কৰি এই ধনৰ পৰিমাণ প্ৰায় ২৫ লাখ টকা বুলি জানিব পৰা যায়।

আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, বিশ্বজিৎ দেৱনাথে গুৱাহাটীৰ পৰা শ্ৰীভূমিলৈ যাত্ৰা কৰাৰ কথা আছিল। কিন্তু ভুলবশতঃ তেওঁ ‘কলংপাৰ পেচেঞ্জাৰ’ ৰে’লখনত উঠিছিল বুলি তদন্তত পোহৰলৈ আহিছে। লগতে তেওঁ কোনো টিকট নকটাকৈয়ে যাত্ৰা কৰিছিল বুলি জানিব পৰা গৈছে।

তদন্তকাৰী আৰক্ষীয়ে গুৱাহাটী ৰে’ল ষ্টেচনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিছিল যদিও তাত বিশ্বজিৎ দেৱনাথ কোনো ৰে’লত উঠা বা নমাৰ দৃশ্য ধৰা পৰা নাই। যাৰ ফলত মৃত্যুৰ পূৰ্বে তেওঁৰ গতিবিধি সম্পৰ্কে তথ্য সংগ্ৰহ কৰাত আৰক্ষী কিছু অসুবিধাৰ সন্মুখীন হৈছে।

পল্টনবজাৰস্থিত চৰকাৰী ৰে’ল আৰক্ষী চমুকৈ জিআৰপিয়ে মৃত ব্যক্তিগৰাকীৰ শ্বিলিঙত থকা পৰিয়ালৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে। মৃতদেহটো আনুষ্ঠানিকভাৱে চিনাক্ত কৰাৰ উদ্দেশ্যে তেওঁৰ ভাতৃ গুৱাহাটীলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে, বিশ্বজিৎ দেৱনাথৰ ওচৰত উদ্ধাৰ হোৱা ২৫ লাখ টকাৰ প্ৰকৃত উৎস সম্পৰ্কে এতিয়াও কোনো তথ্য নিশ্চিত হোৱা নাই। এই বিপুল পৰিমাণৰ ধন তেওঁৰ হাতলৈ কেনেকৈ আহিল আৰু মৃত্যুৰ ঘটনাৰ লগত ধনখিনিৰ কিবা সম্পৰ্ক আছে নেকি, সেই সকলো দিশ চালি-জাৰি চাই ৰে’ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।