নতুন দিল্লী, ২৩ নৱেম্বৰ: এছিয়াৰ শক্তিশালী দেশসমূহৰ তালিকাত ভাৰতে নিজৰ অৱস্থান অধিক শক্তিশালী কৰি তুলিছে। লোৱী ইনষ্টিটিউটৰ শেহতীয়া 'এছিয়া পাৱাৰ ইনডেক্স' অনুসৰি চীনৰ সৈতে ভাৰতৰ সামগ্ৰিক শক্তিৰ ব্যৱধান ২০১৮ চনৰ পিছত সৰ্বনিম্ন পৰ্যায়লৈ হ্ৰাস পাইছে। ইয়াৰ সমান্তৰালকৈ এছিয়াৰ আঞ্চলিক নেতাসকলৰ কাৰ্যদক্ষতাৰ মূল্যায়নত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় স্থান লাভ কৰিছে। এই তালিকাত প্ৰথম স্থানত আছে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং।
প্ৰতিবেদন অনুসৰি এছিয়াৰ তৃতীয় সৰ্বাধিক শক্তিশালী দেশ হিচাপে ভাৰতৰ স্থান অক্ষুণ্ণ আছে। দেশখনৰ অৰ্থনৈতিক সম্ভাৱনা, কূটনৈতিক সম্পৰ্ক, প্ৰতিৰক্ষা সহযোগিতা আৰু সাংস্কৃতিক প্ৰভাৱ বৃদ্ধিয়ে এই অগ্ৰগতিত বিশেষ অৰিহণা যোগাইছে। অৱশ্যে সামগ্ৰিক শক্তিৰ স্ক'ৰৰ দিশৰ পৰা চীন এতিয়াও ভাৰততকৈ বহু পৰিমাণে আগবাঢ়ি আছে। চীনৰ মুঠ শক্তিৰ স্ক'ৰ ভাৰততকৈ প্ৰায় ৮০ শতাংশ অধিক বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
উক্ত সূচকাংকত মূল্যায়ন কৰা আঠটা ক্ষেত্ৰৰ ভিতৰত পাঁচটাতে ভাৰতৰ উন্নতি ঘটিছে। বাকী তিনিটা ক্ষেত্ৰত সামান্য অৱনতি দেখা গৈছে। বিশেষকৈ প্ৰতিৰক্ষা সহযোগিতা আৰু সাংস্কৃতিক প্ৰভাৱৰ দিশত দেশখনে লক্ষণীয় অগ্ৰগতি লাভ কৰিছে। দক্ষিণ-পূব এছিয়াৰ দেশসমূহলৈ ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ বিক্ৰীকে ধৰি প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি পোৱাৰ ফলত প্ৰতিৰক্ষা নেটৱৰ্কৰ শ্ৰেণীত ভাৰত নৱম স্থানলৈ উন্নীত হৈছে। তদুপৰি সাংস্কৃতিক প্ৰভাৱৰ স্ক'ৰো বৃদ্ধি পাই ৪৩.৮ পইণ্ট হৈছে।
লোৱী ইনষ্টিটিউটৰ দক্ষিণ-পূব এছিয়া কাৰ্যসূচীৰ সঞ্চালক তথা এছিয়া পাৱাৰ ইনডেক্স প্ৰকল্পৰ মুৰব্বী ড° হাণ্টাৰ মাৰ্ষ্টনে জনায় যে ভাৰতৰ সামগ্ৰিক প্ৰভাৱ বৃদ্ধি পাইছে আৰু দেশখনে এছিয়াৰ এক বৃহৎ শক্তি হিচাপে নিজৰ স্থিতি সুদৃঢ় কৰিছে। তেওঁ উল্লেখ কৰা অনুসৰি অৰ্থনৈতিক সামৰ্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি ঘটা সত্ত্বেও চীনৰ সৈতে ভাৰতৰ ব্যৱধান ২০১৮ চনৰ পিছত আটাইতকৈ কম হৈছে।
ভাৰতীয় টকাৰ মূল্য হ্ৰাস, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ অৰ্থনৈতিক মূল্যায়ন পদ্ধতিৰ সালসলনি আৰু বিদেশলৈ বিনিয়োগ প্ৰায় ২০ বিলিয়ন ডলাৰ হ্ৰাস পোৱাৰ দৰে কাৰকে দেশখনৰ সামগ্ৰিক প্ৰদৰ্শনত প্ৰভাৱ পেলাইছে। উপসাগৰীয় সংঘাতৰ সময়ত ভাৰতৰ কূটনৈতিক উপস্থিতি হ্ৰাস পোৱাৰ ফলত দেশখনৰ নেতৃত্ব আৰু কৌশলগত লক্ষ্য সম্পৰ্কীয় ধাৰণাতো কিছু পৰিৱৰ্তন আহিছে।
উল্লেখ্য যে এছিয়া পাৱাৰ ইনডেক্সত ২৭খন দেশ আৰু অঞ্চলক ১৩১টা সূচকৰ ভিত্তিত মূল্যায়ন কৰা হৈছে। অৰ্থনৈতিক সামৰ্থ্য, সামৰিক সামৰ্থ্য, স্থিতিস্থাপকতা, ভৱিষ্যৎ সম্পদ, অৰ্থনৈতিক সম্পৰ্ক, প্ৰতিৰক্ষা নেটৱৰ্ক, কূটনৈতিক প্ৰভাৱ আৰু সাংস্কৃতিক প্ৰভাৱ—এই আঠটা মূল ক্ষেত্ৰৰ ওপৰত ভিত্তি কৰিয়েই দেশসমূহৰ শক্তি নিৰ্ধাৰণ কৰা হৈছে।