শিলচৰ, ২৩ নৱেম্বৰ: কৰ্মসংস্থাপনৰ প্ৰলোভন দেখুৱাই অসমৰ যুৱকক ৰাছিয়ালৈ নি সেনা বাহিনীত যোগদান কৰোৱাৰ এক গুৰুতৰ অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাছাৰ জিলাৰ সোণাই সমষ্টিৰ অন্তৰ্গত তুলাৰগ্ৰাম প্ৰথম খণ্ডৰ বাসিন্দা আব্দুল মুক্তাদিৰ লস্কৰ ওৰফে মুন্না নামৰ এজন যুৱক সন্ধানহীন হৈ পৰাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে।

পৰিয়ালৰ অভিযোগ অনুসৰি, আজাৰবাইজানত কাম কৰাৰ সুযোগ পোৱা বুলি ঘৰৰ পৰা ওলাই যোৱা মুক্তাদিৰক পৰৱৰ্তী সময়ত ৰাছিয়াৰ সেনাবাহিনীত অন্তৰ্ভুক্ত কৰা হয় আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ৰণাংগনলৈ প্ৰেৰণ কৰা হয়।

পৰিয়ালৰ হাতত পৰা বিমানৰ টিকটত দেখা গৈছে যে যোৱা ১৪ জুলাইত মুম্বাইৰ পৰা বাকু হৈ মস্কোলৈ মুক্তাদিৰৰ নামত যাত্ৰাৰ ব্যৱস্থা কৰা হৈছিল। আনকি ৩০ জুলাইত দেশলৈ উভতি অহাৰ বাবেও এটা টিকট বুকিং কৰা আছিল যদিও নিৰ্ধাৰিত সময়ত তেওঁ ঘৰলৈ উভতি আহিছিল নে নাই, সেয়া স্পষ্ট হোৱা নাই।

পৰিয়ালৰ লোকে জনোৱা মতে, ৰাছিয়াত উপস্থিত হোৱাৰ পাছত মুক্তাদিৰে ৰাছিয়াৰ সেনাত যোগদান কৰিছিল। যোৱা ২৬ আগষ্টত পত্নী ছালমাৰ সৈতে তেওঁৰ শেষবাৰৰ বাবে কথা হৈছিল। তাৰ পাছৰে পৰা তেওঁৰ সৈতে পৰিয়ালৰ সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰে। শেহতীয়াকৈ সামাজিক মাধ্যমত ৰাছিয়াৰ সামৰিক পোছাক পৰিহিত কেইবাজনো বিদেশী যুৱকৰ সৈতে মুক্তাদিৰৰ এখন ফটো পৰিয়ালৰ দৃষ্টিগোচৰ হোৱাত তেওঁক যুদ্ধক্ষেত্ৰলৈ প্ৰেৰণ কৰাৰ সন্দেহ অধিক ঘনীভূত হৈ পৰিছে।

অসমৰ উপৰি বাংলাদেশৰ পৰাও একেধৰণে যুৱকক চাকৰিৰ প্ৰলোভনেৰে ৰাছিয়ালৈ নিয়াৰ অভিযোগ উঠিছে। বাংলাদেশৰ কেইবাজনো যুৱকে ৰাছিয়াত আবদ্ধ হৈ পৰা বুলি দাবী কৰি সামাজিক মাধ্যমত ভিডিঅ’ প্ৰকাশ কৰাৰ পাছতে বিষয়টো চৰ্চালৈ আহে। অৱশ্যে এই অভিযোগসমূহৰ কোনো স্বতন্ত্ৰ নিশ্চিতকৰণ এতিয়ালৈকে হোৱা নাই।

ইফালে, ঘৰত স্বামীৰ অপেক্ষাত দিন গণিছে মুক্তাদিৰৰ পত্নী ছালমা আৰু তেওঁলোকৰ তিনি বছৰীয়া পুত্ৰ আৰু এবছৰীয়া কন্যা সন্তানে। স্বামীৰ সন্ধান বিচাৰি ছালমাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰুৰী হস্তক্ষেপ বিচাৰিছে। কূটনৈতিক পৰ্যায়ত যোগাযোগ কৰি মুক্তাদিৰৰ অৱস্থান নিশ্চিত কৰাৰ লগতে তেওঁক সুৰক্ষিতভাৱে ঘূৰাই অনাৰ বাবে চৰকাৰক কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে।