চুৰাচান্দপুৰ, ২৪ নৱেম্বৰ: মণিপুৰৰ চুৰাচান্দপুৰলৈ অনা ২৬টা উটক লৈ স্থানীয় বাসিন্দাৰ মাজত ব্যাপক কৌতূহল আৰু উৎসাহ পৰিলক্ষিত হৈছে। সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ বিএছএফৰ এক বিশেষ অনুষ্ঠানৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজস্থানৰ যোধপুৰৰ পৰা এই উটকেইটা মণিপুৰলৈ অনা হৈছে। পাহাৰীয়া অঞ্চলটোৰ বহু লোকে জীৱনত প্ৰথমবাৰৰ বাবে মৰুভূমিৰ এই প্ৰাণী প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছে।

অহা ১ ডিচেম্বৰত বিএছএফৰ ৬২সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপিত হ’ব। এই উপলক্ষে চুৰাচান্দপুৰস্থিত বাহিনীটোৰ সহকাৰী প্ৰশিক্ষণ কেন্দ্ৰত (এছটিচি) উটকেইটা ৰখা হৈছে। যোৱা প্ৰায় এসপ্তাহ ধৰি শিবিৰটোৰ বাহিৰত উট চাবলৈ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম ঘটিছে।

ৰাজস্থানৰ থৰ মৰুভূমিৰ সমীপৱৰ্তী অঞ্চলৰ পৰা বিশেষ ট্ৰাকেৰে এই উটসমূহ কঢ়িয়াই অনা হৈছে। এই সুদীৰ্ঘ যাত্ৰাত প্ৰায় তিনি সপ্তাহ সময় লাগিছিল। পথত বিএছএফৰ বিভিন্ন কেন্দ্ৰত উটকেইটাক জিৰণি দিয়াৰ লগতে পশু চিকিৎসকৰ দল আৰু প্ৰয়োজনীয় খাদ্যৰো ব্যৱস্থা ৰখা হৈছিল। সমতল আৰু পাহাৰীয়া অঞ্চল পাৰ হৈ অহাৰ সময়ত জীৱকেইটাই যাতে নতুন জলবায়ুৰ লগত সহজে খাপ খাব পাৰে, তাৰ প্ৰতি বিশেষ নজৰ ৰখা হৈছিল।

বিএছএফৰ প্ৰতিষ্ঠা দিৱসৰ পেৰেডত পূব আৰু পশ্চিম কমাণ্ডৰ জোৱানসকলৰ কুচকাৱাজৰ লগতে উটকেইটাও অংশগ্ৰহণ কৰিব। তদুপৰি বাহিনীৰ কাৰ্যক্ষমতা আৰু বিভিন্ন যুদ্ধ সঁজুলি, ড্ৰোন প্ৰতিৰোধী ব্যৱস্থা, আৰ্টিলাৰী, প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ কলা-কৌশল আৰু মটৰচাইকেলৰ দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰা হ’ব।

মণিপুৰৰ স্থানীয় বাসিন্দাসকলৰ বাবে উট তেনেই এক অচিনাকি প্ৰাণী। ফলত শিশুৰ পৰা জ্যেষ্ঠ নাগৰিকলৈকে সকলোৱে এই প্ৰাণীকেইটাক চাবলৈ ব্যগ্ৰ হৈ পৰিছে। বহুতে উট কঢ়িয়াই অনাৰ দৃশ্য কেমেৰাত বন্দী কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে। চুৰাচান্দপুৰ বাৰ এছ’চিয়েচনৰ সভানেত্ৰী গ্ৰেছ ছিমটেই প্ৰথমবাৰৰ বাবে উট দেখাৰ অভিজ্ঞতা প্ৰকাশ কৰি কয় যে স্থানীয় লোকৰ এনে প্ৰাণী চোৱাৰ যথেষ্ট আগ্ৰহ আছে আৰু তেওঁ নিজেও কৰ্তৃপক্ষক অনুৰোধ কৰি উটৰ লগত ফটো তুলিছে।

আন এগৰাকী স্থানীয় বাসিন্দা মাং ভাল্টেই জনায় যে তেওঁ দেওবাৰে উট প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে যদিও নিৰাপত্তাৰ স্বাৰ্থত বাহিনীটোৱে শিবিৰৰ বাহিৰত বৃহৎ সমাগম নকৰিবলৈ অনুৰোধ জনাইছে। ইফালে, কাৰ্যসূচী শেষ হোৱাৰ পিছত উটকেইটা ৰাজস্থানলৈ ওভতাই নিয়াৰ পূৰ্বে স্থানীয় শিশু-কিশোৰৰ বাবে কোনো মুকলি স্থানত প্ৰদৰ্শন কৰিবলৈ ৰাইজ আৰু স্থানীয় প্ৰতিনিধিসকলে আহ্বান জনাইছে। অৱশ্যে এই সন্দৰ্ভত কৰ্তৃপক্ষই এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নাই।

উল্লেখ্য যে, ২০২৩ চনৰ মে' মাহৰ পৰা মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত চলি থকা সংঘাতৰ মাজতে চুৰাচান্দপুৰত বিএছএফৰ এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানক বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে গণ্য কৰা হৈছে।