কলকাতা, ২৩ নৱেম্বৰ: পশ্চিমবংগৰ ইংৰাজী নাম ‘ৱেষ্ট বেংগল’ৰ পৰিৱৰ্তে ‘পশ্চিমবংগ’ কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অহা ৯ ডিচেম্বৰত ৰাজ্যখনৰ বিধানসভাত এই প্ৰস্তাৱ উত্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ঘোষণা কৰে।
সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে জনায় যে ৰাজ্যখনৰ বৰ্তমানৰ ইংৰাজী নামটো সলনি কৰাৰ বাবে বিধানসভাত প্ৰস্তাৱ দাখিল কৰা হ’ব।
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে স্পষ্ট কৰে যে বিধানসভাত এই প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত চূড়ান্ত অনুমোদনৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব।
পশ্চিমবংগ বিধানসভাৰ শীতকালীন অধিৱেশন অহা ৪ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব। এই অধিৱেশন চলি থকাৰ মাজতে ৯ ডিচেম্বৰত নাম সলনিৰ প্ৰস্তাৱটো সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰা হ’ব।
বিধানসভাত প্ৰস্তাৱটো গৃহীত হ’লেও ৰাজ্যখনৰ নাম লগে লগে সলনি নহয়। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ কৰাৰ পিছতহে নাম সলনিৰ আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। কেন্দ্ৰৰ সন্মতি পালে ৰাজ্যখনৰ আনুষ্ঠানিক ইংৰাজী নাম ‘ৱেষ্ট বেংগল’ৰ ঠাইত ‘পশ্চিমবংগ’ হ’ব।