মুম্বাই, ২৩ নৱেম্বৰ: মুম্বাইৰ ঘাটকোপাৰত এহাল যুৱক-যুৱতীক আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে। এই ঘটনাৰ পিছতে মহাৰাষ্ট্ৰৰ বন্দৰ উন্নয়ন মন্ত্ৰী তথা বিজেপি নেতা নীতেশ ৰাণেই মাদ্ৰাছাত দিয়া শিক্ষাক লৈ গুৰুতৰ অভিযোগ উত্থাপন কৰে।
মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে, মাদ্ৰাছাত শিশুসকলক চিকিৎসক বা অভিযন্তা হিচাপে গঢ়ি তোলাৰ পৰিৱৰ্তে তেওঁলোকৰ মনত হিন্দুসকলৰ প্ৰতি ঘৃণা ভৰাই দিয়া হয়। তেওঁ দাবী কৰে যে তাত হিন্দুসকলক ‘কাফিৰ’ হিচাপে চিনাকি দি তেওঁলোকক নিঃশেষ কৰা অথবা ধৰ্মান্তৰকৰণৰ শিক্ষা দিয়া হৈছে। মহাৰাষ্ট্ৰত হিন্দুসকলৰ বিৰুদ্ধে কোনো কাৰ্যকলাপ সহ্য কৰা নহ'ব বুলি সকীয়নি দি তেওঁ কয় যে এনে কামত জড়িতসকলৰ বিৰুদ্ধে চৰকাৰ আৰু আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।
ঘটনাৰ বিৱৰণি অনুসৰি, মুম্বাইৰ কুৰ্লা পশ্চিমৰ এখন উদ্যানত এগৰাকী যুৱক আৰু যুৱতীয়ে ফটো তুলি থকাৰ সময়তে ৮ৰ পৰা ১০ জনীয়া এটা যুৱকৰ দল তাত উপস্থিত হৈ আপত্তিজনক মন্তব্য কৰে। যুৱক-যুৱতীহালে ইয়াৰ প্ৰতিবাদ কৰাত দলটোৱে যুৱকজনক আক্ৰমণ কৰে। এই ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে আৰক্ষীয়ে ৮ গৰাকী নাবালকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰে।
‘গজৱা-এ-হিন্দ’ আৰু ভূমি ক্ৰয়-বিক্ৰয়ৰ প্ৰসংগ
নিজৰ বক্তব্যত নীতেশ ৰাণেই ‘গজৱা-এ-হিন্দ’, ‘লাভ জেহাদ’ আৰু ‘লেণ্ড জেহাদ’ৰ প্ৰসংগও উত্থাপন কৰে। ভাৰতক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা চলি থকা বুলি দাবী কৰি তেওঁ হিন্দু সম্প্ৰদায়ৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।
হিন্দুসকলক নিজৰ সম্পত্তি কেৱল হিন্দুৰ হাততহে বিক্ৰী কৰিবলৈ পৰামৰ্শ দিয়ে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰি নিজৰ চুবুৰীত কোনে আহি বসতি স্থাপন কৰিছে আৰু অঞ্চলটোৰ জনসংখ্যাৰ কেনেধৰণৰ পৰিৱৰ্তন ঘটিছে, সেই বিষয়ে চোকা দৃষ্টি ৰাখিবলৈও তেওঁ আহ্বান জনায়।