সামাজিক মাধ্যমত কোনো ধৰণৰ চৰকাৰী, গোপনীয় অথবা শ্ৰেণীবদ্ধ তথ্য আদান-প্ৰদান নকৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিষ্ঠানসমূহৰ লগতে দেশৰ সুৰক্ষা বাহিনীসমূহক কঠোৰ নিৰ্দেশ দিয়া হৈছে। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ), সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ), সশস্ত্ৰ সীমা বল (এছএছবি) আৰু ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি)-ক এই সন্দৰ্ভত বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে।
হোৱাটছএপ বা আন কোনো সামাজিক মাধ্যমৰ গোটত বিভাগীয় কৰ্মীসকলে যাতে কোনো চৰকাৰী তথ্য প্ৰকাশ নকৰে, তাৰ বাবে স্পষ্ট নিৰ্দেশনা জাৰি কৰা হৈছে। লগতে সামাজিক মাধ্যমৰ এনে গোটসমূহৰ প্ৰশাসকসকলক প্ৰতিজন সদস্যৰ পৰিচয় নিশ্চিত কৰাৰ নিৰ্দেশ দিয়া হৈছে। কোনো অচিনাক্ত নম্বৰ বা ভুৱা পৰিচয় ব্যৱহাৰ কৰা সদস্য থাকিলে তেওঁলোকক ততালিকে গোটৰ পৰা আঁতৰাবলৈ কোৱা হৈছে। কৰ্মচাৰীসকলৰ মাজত চাইবাৰ সুৰক্ষা সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণৰো নিৰ্দেশ দিয়া হৈছে।
ইয়াৰ পূৰ্বেও সীমান্তৱৰ্তী ৰাজ্যসমূহত অবৈধভাৱে চিম কাৰ্ড সংগ্ৰহ আৰু সৰবৰাহ কৰা কেইবাটাও চক্ৰৰ সন্ধান লাভ কৰিছিল দেশৰ নিৰাপত্তা সংস্থাসমূহে। এই অবৈধ চিম কাৰ্ডসমূহ বিদেশত থকা চোৰাংচোৱাই ভাৰতীয় নম্বৰ হিচাপে ব্যৱহাৰ কৰি বিভিন্ন যোগাযোগ মাধ্যমত প্ৰৱেশ কৰাৰ সম্ভাৱনাৰ বিষয়টোও বৰ্তমান তদন্তৰ আওতালৈ অনা হৈছে।
নিৰাপত্তা সংস্থাসমূহে ইতিমধ্যে সন্দেহজনক ম'বাইল নম্বৰ, হোৱাটছএপ প্ৰ'ফাইল আৰু বিভিন্ন গোটৰ সদস্যসকলৰ তথ্য পৰীক্ষা কৰি আছে। কোন কোন ব্যক্তিয়ে এনে গোটসমূহত প্ৰৱেশ কৰিছিল, কিমান দিন ধৰি তেওঁলোকে তথ্য সংগ্ৰহৰ চেষ্টা চলাইছিল আৰু কোনো সংবেদনশীল তথ্য সৰবৰাহ কৰা হৈছে নেকি, সেই সকলো দিশ খৰচি মাৰি তদন্ত চলাই থকা হৈছে।