কান্নৌজ, ২৪ নৱেম্বৰ: উত্তৰ প্ৰদেশৰ কান্নৌজ জিলাৰ লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱেত মঙলবাৰে পুৱা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত চাৰিটি শিশুৰ প্ৰাণহানি হয়। পথৰ দাঁতিত ৰৈ থকা এখন স্কুল বাছক এখন তীব্ৰবেগী ট্ৰাকে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ঘটনাত ২৪ গৰাকী শিক্ষাৰ্থীসহ মুঠ ৩২ জন লোক আহত হৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে, পুৱা প্ৰায় ৬ বজাত ঠাঠিয়া থানা এলেকাৰ সমীপত এই ঘটনা ঘটে। কৌশাম্বীৰ অৰিয়েণ্টেল পাব্লিক স্কুলৰ বাছখনত প্ৰায় ৫০ জন যাত্ৰী আছিল। আগ্ৰাৰ তাজমহল দৰ্শন কৰি উভতি অহাৰ পথত শিক্ষাৰ্থীসকলে প্ৰস্ৰাৱ কৰিব পৰাকৈ চালকে বাছখন এক্সপ্ৰেছৱেৰ কাষত ৰখাইছিল। সেই সময়তে তীব্ৰ গতিত অহা এখন ট্ৰাকে বাছখনৰ পিছফালে প্ৰচণ্ড খুন্দা মাৰে।

খুন্দাৰ ফলত বাছখনৰ পিছফালৰ অংশটো সম্পূৰ্ণৰূপে বিধ্বস্ত হয় আৰু কেইবাটিও শিশু বাহনখনৰ ভিতৰতে আবদ্ধ হৈ পৰে। দুৰ্ঘটনাৰ পাছতেই আৰক্ষী, উত্তৰ প্ৰদেশ এক্সপ্ৰেছৱে ঔদ্যোগিক উন্নয়ন প্ৰাধিকৰণৰ কৰ্মী আৰু স্থানীয় লোকে উদ্ধাৰ অভিযান চলায়। আহতসকলক ততাতৈয়াকৈ এম্বুলেন্সেৰে তিৰৱাস্থিত চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। তাত চিকিৎসকে চাৰিটি শিশুক মৃত ঘোষণা কৰে।

কান্নৌজৰ আৰক্ষী অধীক্ষক বিনোদ কুমাৰে জনায় যে আহত ৩২ জন লোকৰ ভিতৰত ২৪ গৰাকী শিক্ষাৰ্থী আৰু বিদ্যালয়খনৰ ৮ গৰাকী কৰ্মচাৰী আছে। তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু সম্প্ৰতি আটাইৰে চিকিৎসা চলি আছে।